ETV Bharat / state

Akhil Gogoi slams Cm Himanta: মুখ্যমন্ত্ৰী শৰ্মাই অসমত মুকলি হত্যালীলা আৰম্ভ কৰিছে; অখিল গগৈ - Eviction at Silsako Beel

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মুকলি হত্যালীলা আৰম্ভ কৰিছে ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ দিনত 62 গৰাকী নিৰিহ লোকক হত্যা কৰা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi criticized Assam CM) ৷

MLA Akhil Gogoi criticized Assam CM
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কু-কৰ্মৰ শিক্ষা এদিন পাব : অখিল গগৈ
author img

By

Published : Feb 28, 2023, 10:39 PM IST

মুখ্যমন্ত্ৰী শৰ্মাৰ দিনত 62ক হত্যা কৰা হৈছে : অখিল গগৈ

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : ‘‘প্ৰফুল্ল মহন্তই যেনেদৰে গুপ্তহত্যা কৰি অসমীয়া যুৱকৰ ওপৰত অত্যাচাৰ চলাইছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অসমত মুকলি হত্যালীলা আৰম্ভ কৰিছে । আদালত-সংবিধানক ভৰিৰে মোহাৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত 62 গৰাকী লোকক হত্যা কৰা হৈছে ৷’’ মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi criticized Assam CM) ৷

লগতে তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কু-কৰ্মৰ শিক্ষা এদিন পাব ৷ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আৰক্ষীয়ে অপৰাধী বুলি গণ্য কৰা লোকক নিশাৰ আন্ধাৰত লৈ গৈ গুলীয়াই মাৰে । এয়া বিজেপি চৰকাৰৰ আইন । ওদালগুৰি ঘটনটো এটা উদাহৰণহে মাত্ৰ’’ ।

তেওঁ আৰু কয়, ‘‘শেহতীয়াকৈ ৰৌতাত আৰক্ষীয়ে ডিম্বেশ্বৰ মুছাহাৰী নামৰ ব্যক্তি এজনক এনকাউন্টাৰত হত্যা কৰিছে (Rowta Police Encounter) । আৰক্ষীয়ে কেনাৰাম বড়ো নামৰ দুধৰ্ষ ডকাইত এজনক হত্যা কৰা বুলি প্ৰচাৰ কৰিছিল ৷ কিন্তু সেয়া ডিম্বেশ্বৰ মুছাহাৰীহে বুলি পৰিয়ালৰ লোকে চিহ্নিত কৰিলে । আচৰিত ধৰণে এই নৃশংস ঘটনাক ন্যায্যতা দিবলৈ মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ একাংশ মন্ত্ৰী-বিষয়া উঠি পৰি লগিছে । এই ঘটনাই প্ৰমাণ কৰিছে যে, ইয়াৰ আঁ‌ৰত চৰকাৰৰ প্ৰত্যক্ষ হাত আছে’’ ।

এই প্ৰসংগত বিধায়ক গগৈয়ে আৰু কয়, ‘‘পুলিচৰ হতুৱাই আইনৰ শাসনক বুঢ়া আঙুলি দেখুৱাই চৰকাৰখনে পুলিচৰাজ আৰু স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে । হিমন্ত বিশ্ব শৰ্মা ক্ষমতালৈ অহাৰ পাচত পুলিচক অন্যায়ভাৱে ব্যৱহাৰ কৰি সংবিধান বিৰোধী স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে । এয়া দেশৰ গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰতি চৰম ভাবুকি’’ ।

অখিল গগৈয়ে আৰু কয়, ‘‘ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা ৰাজ্যখনত উচ্ছেদ আৰু এনকাউন্টাৰৰ ৰাজনীতি আৰম্ভ কৰিছে । শেহতীয়াকৈ গুৱাহাটীৰ শিলসাঁকো বিলৰ কাষত উচ্ছেদ অভিযান চলাইছে (Eviction at Silsako Beel) । গুৱাহাটীৰ কেইবা ঠাইতো অভিযান চলিছে । ইয়াৰ পূৰ্বে সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত উচ্ছেদ চলিছিল ।

এই উচ্ছেদ কালত চৰকাৰে বিকল্প কোনো ব্যৱস্থা নকৰাকৈ সকলো মানৱ অধিকাৰ ভংগ কৰি উচ্ছেদিত লোকক অসহনীয় পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে । কিন্তু শিলসাঁকো বিলৰ মাটিত থকা জিঞ্জাৰ হোটেল, বদৰুদ্দিন আজমলৰ এলেকা আৰু হিমৎ সিনকাৰ অট্টালিকাত আৰক্ষীয়ে হাত দিয়া নাই । এয়া চৰকাৰৰ পুঁজিপতিৰ প্ৰতি নৰম আৰু খিলঞ্জীয়াৰ প্ৰতি গৰম’’ ।

লগতে পঢ়ক : Akhil Gogoi in Nia court : নিয়াৰ আদালতত হাজিৰ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.