ETV Bharat / state

NIA case against MLA Akhil Gogoi : পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ ! - NIA case filed again MLA Akhil gogoi

পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ ! বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পুনৰ NIA গোচৰ ৷ হানী ট্ৰেপিং, মাওবাদীৰ প্ৰশিক্ষণ লোৱা গুৰুত্বৰ অভিযোগ আনিছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৷ 30 জুনত ভাগ্য নিৰ্ণয় হ’ব বিধায়ক অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ ৷

MLA Akhil Gogoi appears before NIA court
পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ !
author img

By

Published : Jun 17, 2023, 5:45 PM IST

পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ !

গুৱাহাটী,17 জুন: পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ ! 30 জুনত ভাগ্য নিৰ্ণয় হ’ব বিধায়ক অখিল গগৈ সহ দুই সহযোগীৰ ৷ বিধায়ক আখিল গগৈৰ বিৰুদ্ধে হানী ট্ৰেপিং, মাওবাদীৰ প্ৰশিক্ষণ লোৱা গুৰুত্বৰ অভিযোগ পুনৰ আনিছে NIAয়ে ৷ শনিবাৰে NIAৰ বিশেষ আদালতত উপস্থিত হ’ল বিধায়ক অখিল গগৈ ৷ NIAৰ বিশেষ আদালতত উপস্থিত হৈছিল বিধায়ক অখিল গগৈৰ দুই সহযোগী নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল । CAA আন্দোলনৰ সময়ত ৰুজু হোৱা তথা পূৰ্বে এবাৰ বন্ধ হোৱা গোচৰৰ পুনৰ শুনানিৰ বাবে উপস্থিত হ’ব লগা হয় তেঁওলোক ৷

ইতিপূৰ্বে গোচৰটোত বিধায়ক অখিল গগৈক দোষমুক্ত কৰিছিল NIAৰ আদালতে ৷ পৰৱৰ্তী সময়ত সেই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল NIA ৷ উচ্চ ন্যায়ালয়ে NIAৰ আবেদন গ্ৰহণ কৰি পুনৰ বিচাৰ চলোৱাৰ নিৰ্দেশ দিয়ে ৷ বিপৰীতে অখিল গগৈয়ে আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া শুনানীক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল ।

ইপিনে NIA ৰ আদালতত হাজিৰ হোৱা পিছত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় - ‘‘আজিৰ পৰা নিয়াত গোচৰটোৰ শুনানী আৰম্ভ হৈছে। মোৰ বিৰুদ্ধে বহুত ৰাজসাক্ষী থিয় কৰা হৈছে । মোৰ বিৰুদ্ধে মহিলা অপহৰণ , মাওবাদীৰ সৈতে সম্পৰ্ক থকা বিভিন্ন অভিযোগ অনা হৈছে।"এইটো মোৰ বিৰুদ্ধে ভুৱা গোচৰ আছিল । মই নিশ্চিতভাবে ন্যায় লাভ কৰিম। বিজেপি নেতৃত্বাধীন চৰকাৰে মোৰ ওপৰত ভুৱা গোচৰ জাপি দি মোৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে।"

৩০জুনত দ্বিতীয়টো শুনানিৰ বাবে NIA কোৰ্টৰ উপস্থিত হ'ব লাগিব বিধায়ক অখিল গগৈসহ দুই সহযোগী নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল । শনিবাৰে প্ৰায় এঘণ্টা জোৰা শুনানিৰ অন্তত ‘‘গোচৰটোত CAA আন্দোলন এক মাওবাদীৰ আন্দোলন বুলি বুজাব বিচাৰিছে । NIAয়ে কেইবাজনো মোৰ বিৰুদ্ধে নতুনকৈ ৰাজসাক্ষীৰ ব্যৱস্থা কৰিছে ৷ আগতে এজন ৰাজসাক্ষী আছিল বুলি জানিছিলো ৷ কিন্তু নতুনকৈ কৰ পৰা কেইবাজনো ৰাজসাক্ষী আহিল মই গম নাপাওঁ ৷’’ বুলি মন্তব্য বিধায়ক গগৈৰ ৷

লগতে পঢ়ক:Teacher vacancies: ৰাজ্যৰ মহাবিদ্যালয়সমূহত খালী তিনিশতাধিক শিক্ষকৰ পদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.