গুৱাহাটী, 29 জুলাই : অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা কাছাৰ অভিমুখে ৰাওনা হোৱা মন্ত্ৰী অতুল বৰাৰ কনভয় আদবাটতে দুৰ্ঘটনাত পতিত হয় । বৃহস্পতিবাৰে পুৱা প্ৰায় 9.30 বজাত দিছপুৰৰ বাসগৃহৰ পৰা মন্ত্ৰীগৰাকী সীমান্ত অভিমুখে ৰাওনা হৈছিল । কিন্তু মেঘালয়ৰ নংপো পাৰ হোৱাৰ পিছতেই দুৰ্ঘটনাত পতিত হয় মন্ত্ৰীগৰাকীৰ কনভয় ৷
উল্লেখ্য যে, আদবাটতে তিনি লুটি খাই বাগৰি পৰে বাহনখন । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মন্ত্ৰীগৰাকীৰ লগত থকা পাঁচজনকৈ নিৰাপত্তাৰক্ষী জোৱান । আহত জোৱানকেইজনৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । এই দুৰ্ঘটনাত মন্ত্ৰী বৰাৰ কোনো ধৰণৰ হানি-বিঘিনি হোৱা নাই ।
আহত জোৱান কেইজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত মন্ত্ৰীগৰাকী পুনৰ কাছাৰ অভিমুখে ৰাওনা হৈছে ৷
লগতে পঢ়ক: মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ