গুৱাহাটী , ২ জানুৱাৰী : ৰাজ্য়ৰ ৰাজধানী চহৰ গুৱাহাটীত পুনৰ এক নিৰুদ্দেশৰ ঘটনা । ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নিৰূদ্দেশ হ'ল গোলাঘাট জিলাৰ সৰুপথাৰৰ অৰূপ সন্দিকৈ নামৰ ব্যক্তি এজন ৷ ১ জানুৱাৰীৰ পুৱতি নিশাৰ পৰা ব্যক্তিজন নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ৷ ঘটনা সন্দৰ্ভত অৰূপ সন্দিকৈৰ পৰিয়ালে ইতিমধ্যে ভঙাগড় আৰক্ষীৰ থানাত এক এজাহাৰ দাখিল কৰিছে । সম্প্ৰতি আৰক্ষীয়েও ৪০ বছৰীয়া অৰূপ সন্দিকৈক বিচাৰি তদন্ত অব্য়াহত ৰাখিছে ।
উল্লেখ্য যে দহবছৰীয়া ভতিজাকৰ চিকিৎসাৰ বাবে বিগত কেইবাদিনো ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আছিল ব্যক্তি গৰাকী ৷ কিন্তু হঠাৎ লোকজনৰ মবাইল ফোন বন্ধ হৈ পৰাৰ লগতে হাস্পতালৰ পৰা নোহোৱা হোৱাত বিমোৰত পৰিছে পৰিয়ালৰ লোকসকল ৷ কোনো লোকে ব্যক্তি গৰাকীৰ সম্ভেদ পালে ৭০০২৩২০৭৫৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷
লগতে পঢ়ক :GMCH ৰ চিকিৎসক-নাৰ্চৰ দেহত পৰীক্ষণ ক’ৰণাৰ প্ৰতিষেধক