ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি প্ৰদেশ কংগ্ৰেছৰ নাম প্ৰসংগ - হিমন্ত বিশ্ব শৰ্মা অসমৰ ধোঁৱাখুলীয়া ৰজা

মহানগৰীৰ কৃত্ৰিম বান (Artificial floods in Guwahati) ৰোধত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ ধোঁৱাখুলীয়া ৰজা ৷ বহু বছৰ গুৱাহাটীৰ উন্নয়ন মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ দুৰ্নীতিৰ বাবে গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰিব নোৱাৰিলে । মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি APCC য়ে আয়োজন কৰা নাম-প্ৰসংগৰ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে (Mira Borthaku criticized Assam CM) ৷

Mira Borthaku criticized Assam CM
মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি প্ৰদেশ কংগ্ৰেছৰ নাম প্ৰসংগ
author img

By

Published : Jun 17, 2022, 4:50 PM IST

গুৱাহাটী, 17 জুন : ‘‘অসমৰ অপৰাগ মুখ্যমন্ত্ৰীগৰাকীক যাতে ভগৱানে সুমতি দিয়ে, লগতে তেওঁ ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰ কৰে তাৰে কামনাৰে আজি এই নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে’’ ৷ শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰুক্মিণী নগৰ ৰংগমঞ্চত আয়োজন কৰা এক নাম-প্ৰসংগৰ অনুষ্ঠানত (APCC organized nam prasonga events in Guwahati) উপস্থিত থাকি এই মন্তব্য কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷

মহানগৰীৰ কৃত্ৰিম বান (Artificial floods in Guwahati) ৰোধৰ ক্ষেত্ৰত অসহায় ৰূপ প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰুক্মিণী নগৰ ৰংগমঞ্চত আয়োজন কৰা হয় এই নাম-প্ৰসংগৰ অনুষ্ঠান ৷ অনুষ্ঠানত অংশ লৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে (Mira Borthaku criticized Assam CM) ৷

মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি প্ৰদেশ কংগ্ৰেছৰ নাম প্ৰসংগ

তেওঁ কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী অকৰ্মন্য মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসীক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিব পৰা নাই ৷ সেয়েহে বান-বৰষুণৰ কবলৰ পৰা গুৱাহাটীবাসীক মুক্তি দিয়াৰ প্ৰাৰ্থনাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰুক্মিণী নগৰ ৰংগমঞ্চত ৰাজহুৱা পূজা অৰ্চনা আগবঢ়োৱা হৈছে’’ ।

লগতে পঢ়ক : কংগ্ৰেছে ৰাজ্যপালক দিলে দুখনকৈ স্মাৰক পত্র

লগতে তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে বৰষুণৰ বাবে গুৱাহাটীত বানপানী হৈছে । গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰাৰ উপায় তেওঁৰ হাতত নাই । ভগৱানৰ হাতত আছে । হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী অপাৰগ মুখ্যমন্ত্ৰীৰ প্ৰতি সঁহাৰি জনাই আমি ভগৱানৰ ওচৰত ৰাজহুৱা পূজা অৰ্চনা আগবঢ়াইছো’’ ।

তেওঁ আৰু কয়, ‘‘এই ৰাজহুৱা পূজা অৰ্চনাই ধোঁৱাখুলীয়া ৰজা হিমন্ত বিশ্ব শৰ্মাৰ সুমতি আনক । বহু বছৰ গুৱাহাটীৰ উন্নয়ন মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ দুৰ্নীতিৰ বাবে গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে । যাৰ বাবে এতিয়া ভগৱানৰ ওচৰত হাত পাতিছে’’ ।

‘‘কোটি কোটি টকা খৰচ কৰি গুৱাহাটীৰ নলা চাফা কৰিবলৈ চুপাৰ চাকাৰ কিনাৰ নামত দুৰ্নীতি কৰিছে । এইবোৰৰ তদন্ত হ’ব লাগে" বুলিও মন্তব্য কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷ ইফালে এই ধাৰ্মিক অনুষ্ঠানত অংশ লৈ কংগ্ৰেছ নেতা মনজিৎ মহন্ত আৰু কুশল কুমাৰ শৰ্মাইয়ো মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত অসহায় ৰূপ প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে (Manjit Mahanta and Kushal Sharma criticized Assam CM)।

লগতে পঢ়ক : বান ৰুধিবলৈ পূজা-পাতল কৰি চৰকাৰক সহায় কৰিব লাগে: প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.