গুৱাহাটী, 4 জুলাই: গুৱাহাটীত মহানগৰীত পুনৰ সংঘটিত হ’ল জঘন্য ঘটনা (Sexually harrased in Guwahati) ৷ এইবাৰ ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল এগৰাকী ১২ বছৰীয়া কিশোৰী (Minor girl Sexually harassed by old man) ৷
বামুনিমৈদাম ৰে’লৱে কলনীৰ আৰ পি এফ খেলপথাৰৰ সমীপৰ বাসিন্দা তথা কণী ব্যৱসায়ী ৰতন দত্তই ওচৰৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক 1000 টকা আৰু কণী দিয়াৰ প্ৰলোভন দি অশ্লীল প্ৰস্তাৱ দিয়ে ৷ ইয়াৰ পিছতে কেবাদিন ধৰি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল দত্তই ৷ সোমবাৰে ভাস্কৰ নগৰৰ বীৰাংগনা মহিলা সমিতিয়ে এই কথা গম পাই স্থানীয় ৰাইজৰ সহযোগত অভিযুক্ত দত্তক কৰায়ত্ত কৰে ৷
উত্তেজিত জনতাই অভিযুক্তক বিদ্যুতৰ খুটাত বান্ধি উত্তম মাধ্যম সোধায় ৷ ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ উত্তেজিত জনতাৰ কবলৰ পৰা অভিযুক্তটোক উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ উত্তেজিত জনতাই থানা চৌহদত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ক্ষোভিত ৰাইজে বৃদ্ধজনক দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনোৱাৰ লগতে যাৱজ্জীৱন কাৰাদণ্ড বিহিবলৈ দাবী উত্থাপন কৰে ৷
জানিব পৰামতে ভুক্তভোগী কিশোৰীগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ আছিল ৷ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অন্য লোকৰ ঘৰত কাম কৰে ৷
লগতে পঢ়ক : নিৰ্লজ্জ ! ধৰ্ষণ আৰু অপহৰণৰ গোচৰ নিষ্পত্তি কৰিবলৈ ধন দাবী নগাঁও আৰক্ষীৰ