ETV Bharat / state

Bihu Guinness world record: অভিলেখ গঢ়িবলৈ সাজু হৈছে মহানগৰৰ ৮০০ বিহুৱা-বিহুৱতী - অন্তিম আখৰা প্ৰদৰ্শন

মহানগৰৰ কলাক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰীকাই বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ কৰে (Minister Piyush Hazarika inspects Bihu rehearsal)। কামৰূপ মহানগৰৰ পৰা 800 গৰাকী বিহুৱা-বিহুৱতীয়ে বিহু প্ৰদৰ্শনত অংশ ল'ব (Bihu Guinness world record)।

Bihu Guinness world record
অভিলেখ গঢ়িবলৈ সাজু হৈছে মহানগৰৰ ৮০০ বিহুৱা-বিহুৱতী
author img

By

Published : Apr 9, 2023, 10:40 PM IST

অভিলেখ গঢ়িবলৈ সাজু হৈছে মহানগৰৰ ৮০০ বিহুৱা-বিহুৱতী

গুৱাহাটী, 9 এপ্ৰিল: বিহু সমাগত ৷ কিন্তু এইবাৰ বিহু পূৰ্বতকৈ কিছু ব্যতিক্ৰম ৷ এইবাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ গঢ়িবলৈ বৃদ্ধি হৈছে ব্যাপক তৎপৰতা ৷ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ব অসমৰ বিহু (Bihu Guinness world record)। অহা 14 এপ্ৰিলত বাপতি সাহোন ৰঙালী বিহুৱে লাভ কৰিব নতুন স্বীকৃতি ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত অসম চৰকাৰৰ উদ্যোগত প্ৰায় এঘাৰ হাজাৰ বিহুৱা নাচনীয়ে সৰুসজাইত একেলগে বিহু নাচ প্ৰদৰ্শন কৰিব । ইয়াৰ সমান্তাৰলকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে বিহুৰ চূড়ান্ত আখৰা । কামৰূপ মহানগৰ জিলাৰ পৰাও 800 গৰাকী বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত ।

দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত অন্তিম আখৰা প্ৰদৰ্শন কৰে বিহুৱা নাচনীয়ে । অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সন্মুখত অন্তিম আখৰা প্ৰদৰ্শন কৰিলে 800 গৰাকী বিহুৱা নাচনীয়ে (Minister Piyush Hazarika inspects Bihu rehearsal) ৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কামৰূপ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

এই চূড়ান্ত আখৰাৰ বিহু নৃত্যৰ আৰম্ভণিতে এক সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা হয় । তাৰ পিচতেই 7 মিনিট ধৰি ঢোল,পেঁপা আৰু টকা বাদন প্ৰদৰ্শন কৰা হয়। ইয়াৰে পিচত 15 মিনিট ধৰি মেগা বিহু নৃত্য প্ৰদৰ্শন কৰা হয় । কামৰূপ মহানগৰ জিলা ভিত্তিত ঢুলীয়া 146 গৰাকী, নাচনী 551 গৰাকী, তালীয়া 60 গৰাকী, পেঁপাত 22 গৰাকী, টোকা 18 গৰাকী আৰু গগনাত 3 গৰাকীয়ে অংশ লয় । কেন্দ্ৰীয়ভাৱে 11 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈ বিহুৰ অনুশীলন হ’ব সৰুসজাইত ।

লগতে পঢ়ক: Guinness world record through Bihu : মাজুলীত বিহুৰ আখৰা পৰ্যবেক্ষণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

এই আখৰা উপভোগ কৰি অভিভূত হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ৷ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ (Minister Piyush Hazarika on Bihu record) কৰি কয়, "আমাৰ বিহুৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ আমাৰ সকলোৰে এটাই আশা যে, বিশ্বৰ দৰবাৰত বিহু প্ৰতিষ্ঠিত হওক ৷ মই আখৰাত ক’তো কোনো ক্ষুত দেখা নাপালো ৷ সকলোৱে কষ্ট কৰিছে, বৰ সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিছে ৷ মই দৃঢ়বিশ্বাসী যে অহা 14 এপ্ৰিলত অসমে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ব ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.