গুৱাহাটী, ১৯ আগষ্ট: এটা ৰাজনৈতিক দলত কিমান বছৰ থাকিলে এজন ৰাজনীতিকক পুৰণি কৰ্মী আখ্যা দিব পাৰি ? যোগদানৰ ৯ বছৰ হোৱাৰ পিছত তেঁওক পুৰণি কৰ্মী বুলিব যায় নে ? এইবোৰ প্ৰশ্নই এতিয়া জোকাৰণি তুলিছে অসম বিজেপিৰ ভিতৰচ’ৰাত ৷
চৰ্চাৰ শীৰ্ষত থকা ন-পুৰণি বিজেপি বিতৰ্ক প্ৰসংগত প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক যেন চুঙা চাই সোপা দি উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷
“বিজেপিত মোৰ ৯ বছৰ হ’ল ৷ মই এতিয়া পুৰণি নেকি ? কোন কোন নতুন মই নাজানো ৷ মই কিন্তু পুৰণি ৷” এই মন্তব্যৰে নিজকে পুৰণি বিজেপি বুলি দাবী কৰিছে ন-বিজেপি বুলি প্ৰায়ে চৰ্চিত হোৱা মন্ত্ৰী পীযুষ হাজৰীকাই।
লগতে পীযুষ হাজৰীকাৰ প্ৰশ্ন, “অহা ২৮ তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদান কৰা ৯ বছৰ হ’ব ৷ ৯ বছৰত ভৰি দিয়াৰ পিছতো মই ন-বিজেপিয়েই হৈ আছো নেকি ?”
ৰাজ্যিক সভাপতি হৈ থাকোঁতে সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিজেপিত যোগদান কৰাইছিল ড° হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা আদিক ৷ সেয়ে তেওঁলোকে ভাল-বেয়া যিয়েই নকৰক কিয় সকলোৰে দায়িত্ব বা কৃতিত্ব সকলো সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে ৷ এইদৰে মন্তব্য প্ৰকাশ কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰসংগত পীযুষ হাজৰীকাই সাংবাদিকক ক’লে, “সিদ্ধাৰ্থদাক মই যথেষ্ট সন্মান কৰো ৷ সিদ্ধাৰ্থদাই হিমন্ত বিশ্ব শৰ্মা আৰু আমাক বিজেপিত যোগদান কৰাইছিল ৷ গতিকে আমি ভাল কৰিলেও তেখেতেই গৰ্বিত অনুভৱ কৰিব লাগে, যদি বেয়া কৰিছো তেখেতেৰ কাৰণেই হৈছে বুলি ভাবিব লাগে ।”
মন কৰিবলগীয়া যে মাত্ৰ দুদিন আগতে প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ন-পুৰণি বিজেপি প্ৰসংগত একাধিক বিস্ফোৰক মন্তব্য কৰিছিল ৷ নতুন বিজেপি বুলি একাধিক প্ৰসংগত হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকীও নেতালৈ তেওঁ আঙুলি টোৱাঁইছিল বুলি চৰ্চিত হৈছে ।
স্বাভাৱিকতে মন্ত্ৰী পীযুষ হাজৰীকাৰ এই মন্তব্যই ন-পুৰণি বিজেপি বিতৰ্কত নতুন মাত্ৰা প্ৰদান কৰিলে ৷
লগতে পঢ়ক: Rajen Gohain: বিজেপিৰ নেতৃত্বক লৈ প্রকৃততে কি স্থিতি ৰাজেন গোহাঁইৰ ?