ETV Bharat / state

পিএছঅ', মূল্যবৃদ্ধিৰ প্ৰসংগত কি যুক্তি দিলে মন্ত্রী পিযুষ হাজৰিকাই ?

author img

By

Published : Mar 29, 2022, 9:04 PM IST

পিএছঅ' সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য, মুখ্যমন্ত্রীৰ আহ্বানৰ পাছত দলৰ সকলোৱে পিএছঅ' এৰি দিছে (Assam CM requested leaders to leave PSO)। কিন্তু বিধায়কসকলে বিভিন্ন কাৰণত এৰি দিব নোৱাৰে ।

minister-pizush-hazarika-on-pso-culture-in-assam
পিএছঅ', মূল্যবৃদ্ধিৰ প্ৰসংগত কি যুক্তি দিলে মন্ত্রী পিযুষ হাজৰিকাই ?

গুৱাহাটী, ২৯ ম‍াৰ্চ : বিধায়ক পদটো সাংবিধানিক পদ আৰু বিধায়কসকলৰ নিম্নতম পিএছঅ' থাকিবই । এই মন্তব্য মন্ত্রী পীযুষ হাজৰিকাৰ (Minister Pijush Hazarika on PSO) । উল্লেখ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পিএছঅ' সংস্কৃতি ত্যাগ কৰাৰ বাবে জনোৱা আহ্বানৰ পাছতে বিজেপিৰ বহু নেতাই এই সন্দৰ্ভত সঁহাৰি জনাইছিল । লগতে সেই সময়ত মুখ্যমন্ত্রীৰ সেই আহ্বানক লৈ ব্য‍াপক চৰ্চাও হৈছিল ।

মুখ্যমন্ত্রীৰ সেই আহ্বানৰ প্ৰসংগত ‍আজি বিধানসভা চৌহদত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্রী হাজৰিকাই কয় যে, মুখ্যমন্ত্রীয়ে তেনেকুৱা কোনো আহ্বান জনোৱা নাছিল। বিধায়কসকলৰ নিম্নতম পিএছঅ' থাকিব লাগিব বুলি উল্লেখ কৰি তেওঁ সাংবাদিকক দোষাৰোপ কৰি কয়, ''আপোনালোকে প্ৰত্যেকটো বিষয়ৰে বেলেগ বেলেগ অৰ্থ উলিয়াই । মুখ্যমন্ত্রীৰ আহ্বানৰ পাছত দলৰ সকলোৱে পিএছঅ' এৰি দিছে। কিন্তু বিধায়কসকলে এৰি দিব নোৱাৰে ।''

নিম্নতম পিএছঅ' থাকিবই বুলি উল্লেখ কৰি তেওঁ কয় যে বেছি থাকিলেহে এৰি দিব ল‍াগে । আনহাতে, মূল্যবৃদ্ধিৰ প্ৰসংগত তেওঁ কয় যে মূল্যবৃদ্ধি হ'লে তেওঁ যথেষ্ট কষ্ট পায় । ব্যক্তিগতভাৱে তেওঁৰ ঘৰতো কষ্ট হয় (Pijush Hazarika on price hike)। মূল্যবৃদ্ধি নোহোৱাটো বিচাৰো বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্রত চৰকাৰে গুৰুত্ব সহকাৰে কাম কৰি আছে ।

বিশ্বত এখন ডাঙৰ যুদ্ধ চলি থকা বাবে এতিয়া এই সমস্যা হৈছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে খাৰুৱা তেলৰ মূল্য বহু বৃদ্ধি পাইছে আৰু তাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে (Russia Ukraine war creating price hike)। তাৰ বাবে আমি বিপদৰ সন্মূখীন হৈছো বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই ।

লগতে পঢ়ক : দুৰ্নীতিৰে অভিলেখ গঢ়া আজাৰুদ্দিন ছাৰ চি আই ডিৰ জালত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.