ETV Bharat / state

Minister Pijush Hazarika in Udalguri: উদ্বিগ্ন হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰীকা, কিন্তু কিয় ? - মন্ত্ৰী পীযুষ হাজৰিকা

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী জালিমুখত বান্ধ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই (dam construction work) ৷ তাৰ পিচতেই উদ্বিগ্ন হৈ পৰে মন্ত্ৰীজন ! কিন্তু কিয় জানিবলৈ বাতৰিটো আগলৈ পঢ়ক-

minister pijush hazarika
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা
author img

By

Published : May 16, 2023, 10:17 PM IST

গুৱাহাটী, ১৬ মে’: বাৰিষাৰ সময় চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আৰু বিষয়া-কৰ্মচাৰীৰ ৷ বাৰিষা পালেহিয়েই, অথচ কাম শেষ হোৱা নাই মথাউৰি- বান্ধৰ ৷ উদ্বিগ্নতা বাঢ়িছে বিভাগীয় মন্ত্ৰীৰ ৷ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰি জালিমুখত বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা বান্ধৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে (dam construction work in Udalguri) ।

minister pijush hazarika
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

বিগত বৰ্ষত এই অঞ্চলত বান্ধ নথকা বাবে ভূটানৰ পৰা নামি অহা পানীৰ ধল কুলচী নদী হৈ শাকতোলা নদীলৈ বৈ গৈছিল । ফলত শাকতোলা নদীত পানীৰ পৰিমাণ বৃদ্ধি হৈ মথাউৰি ভাঙি দৰং জিলাৰ বৃহৎ অঞ্চলত বানপানীৰ সৃষ্টি হৈছিল । এই জালিমূখতে জলসম্পদ বিভাগৰ অধীনত প্ৰায় ১৬.৯৫ কোটি টকাৰ ব্যয়েৰে শিলেৰে বান্ধ নিৰ্মাণৰ কাম চলি আছে । প্ৰায় ১৭৮০ মিটাৰ দৈৰ্ঘৰ, ৩৫ মিটাৰ বহল আৰু ২.৫ মিটাৰ ওখ বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ওদালগুৰি আৰু দৰং জিলাৰ বৃহৎ অঞ্চলত বানপানীৰ প্ৰকোপ হ্ৰাস হ'ব বুলি আজিৰ পৰিদৰ্শন কালত মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে (Minister Pijush Hazarika in Udalguri) ।

minister pijush hazarika
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

পৰিদৰ্শনৰ কালত জলসম্পদ মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকসকলৰ সৈতেও বাৰ্তালাপ কৰি বান্ধটোৰ বিষয়ে তেওঁলোকৰ মনোভাৱ বুজ লয় । দীৰ্ঘদিনৰ পাছত অঞ্চলটোত বান্ধটো নিৰ্মাণ কৰাত সন্তুষ্ট হৈ স্থানীয় লোকসকলে মন্ত্ৰী পীযুষ হাজৰীকাক কৃতজ্ঞতা জ্ঞাপন কৰে । পাচত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী হাজৰীকাই কয় যে, বি টি আৰ অঞ্চলৰ প্ৰতি থকা মুখ্যমন্ত্ৰীৰ দায়বদ্ধতাৰ বাবেই বিগত দুটা বছৰত বি টি আৰৰ চাৰিখন জিলাত জলসম্পদ বিভাগৰ প্ৰায় ৩৫০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হৈছে (Pijush Hazarika inspects dam construction work) ।

মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনৰ সময়ত সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় গোবিন্দ বসুমতাৰী আৰু দিগন্ত কলিতা, বি টি আৰৰ কেইবাজনো কাৰ্যবাহী সদস্য, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু বিভাগীয় আন বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক : Eviction in Jonai Kabu Chapori: জোনাইৰ প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.