ETV Bharat / state

Pijush Hazarika on Gaurav Gogoi: আজমলৰ অনুগ্ৰহত কলিয়াবৰৰ পৰা সাংসদ হৈছিল গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:19 PM IST

Updated : Aug 23, 2023, 2:57 PM IST

পুনৰ কংগ্ৰেছক তীব্ৰ বাক্যবান মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ জ্যেষ্ঠতাৰ সন্মান জনাই প্ৰদ্যুৎ বৰদলৈক নগাঁও সমষ্টি এৰি দিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ একেসময়তে ২০২৬ক লৈ কংগ্ৰেছে মুংগেৰীলালৰ সপোন দেখাৰ দাবী মন্ত্ৰীগৰাকীৰ ৷ একেৰাহে ১৪ টা নিৰ্বাচনত বহুত গ'ল দিছো ৷ গ'ল পোষ্টত কোনো নায়েই ৷ এইবাৰে ইলেকচনৰ সময়ত দেখিব গ'ল পোষ্ট খালি আমি গ'ল দিয়েই আছো বুলি কটাক্ষ মন্ত্ৰীগৰাকীৰ ৷

Pijush Hazarika on Gaurav Gogoi
মন্ত্ৰী পীযুষ হাজৰীকা
মন্ত্ৰী পীযুষ হাজৰীকা

বিশ্বনাথ, ২২ আগষ্ট: জ্যেষ্ঠতাৰ ভিত্তিত নগাঁও সমষ্টি সাংসদ প্ৰদ্যুৎ বৰদলৈক এৰি দিবলৈ সাংসদ গৌৰৱ গগৈলৈ আহ্বান জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে জ্যেষ্ঠজনক সন্মান নিদিয়াটো বিজেপিৰ সংস্কৃতি বুলি কৰা মন্তব্যক কটাক্ষ কৰি গৌৰৱ গগৈক এই আহ্বান জনায় মন্ত্ৰী হাজৰীকাই ৷ তেওঁ কয়, "মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো, নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁতকৈ জ্যেষ্ঠ ৷ গতিকে তেখেতক সন্মান জনাই নগাঁৱলৈ আহি গৌৰৱ গগৈ ডাঙৰীয়াই ইলেকচন খেলিবলৈ চেষ্টা কৰিব নালাগে ৷ গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো তেখেতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ ৰাজনৈতিক জীৱন অন্ধকাৰ কৰিব নালাগে ৷

মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে বিশ্বনাথ পানপুৰ মথাউৰিত খহনীয়া পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰ আগত সাংসদগৰাকীলৈ এই আহ্বান জনায় ৷ মন্ত্ৰী হাজৰীকাই লগতে সাংসদ গৌৰৱ গগৈয়ে তেওঁ আমিনুল ইছলামক ফোন কৰি থাকে বুলি কোৱা প্ৰসংগত কয় যে, যোৱা দুটা বছৰত আমিনুল ইছলামক মই এবাৰ বা দুবাৰ ফোন কৰিছিলো তাকো তেওঁৰ সমষ্টিলৈ যাওঁতে ৷ ফোন ৰেকৰ্ডটো ওলাই যায় ৷ ক'ল ৰেকৰ্ড চি ডি আৰ চালে ওলাই যাব ৷ গৌৰৱ গগৈ ডাঙৰীয়াতো ডাঙৰ নেতা ৷ তেওঁ ডিমাণ্ড কৰক মই উলিয়াই দিম চি ডি আৰখন ।

তেওঁ আৰু কয়, কংগ্ৰেছেহে আলিংগন কৰে বদৰুদ্দিন আজমলক । যোৱাবাৰ বদৰুদ্দিন আজমলৰ অনুগ্ৰহত কলিয়াবৰৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হৈছিল ৷ এইবাৰো নগাঁৱতো যাতে বদৰুদ্দিন আজমলে প্ৰাৰ্থী নিদিয়ে আৰু তেওঁ ইলেকচন খেলি জিকে তাৰ কুচ কাৱাজ কৰিছে ৷ মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক তেওঁ জ্যেষ্ঠতাৰ ভিত্তিত এৰি দিয়ক ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজকে অৰ্জুন বুলি উল্লেখ কৰি ৰাজীৱ ভৱনত বহি আমনি লাগিছে এইবাৰ আমি জনতা ভৱনত ACৰ হাৱা খাম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, AC খোৱা মানুহক মন্ত্ৰী পাতিলে AC খোৱা মানুহক মুখ্যমন্ত্ৰী পাতিলে অসম ৰসাতলে যাব ৷ আমি শিকিছিলো ৰাইজৰ সেৱা কৰিম আৰু দিছপুৰলৈ যাম ৷ কিন্তু এতিয়া নিজকে অৰ্জুন বুলি কোৱা শ্ৰীকৃষ্ণক লাভ জেহাদী সজোৱা মানুহজনে কয় আমি জনতা ভৱনলৈ AC খাবলৈ যাম ৷

তেওঁ কংগ্ৰেছ সভাপতিগৰাকীক সমালোচনা কৰি লগতে কয়, ভূপেন বৰা ডাঙৰীয়াক লাস-বিলাসৰ দিন লাগে, ৰাজীৱ ভৱনৰ কষ্টকৰ দিন নালাগে ৷ মইতো এই বৰষুণতো আহিছো ৷ বোকা পানী গচকি মথাউৰিৰৰ খহনীয়া চাইছো । তেওঁলোকে AC ৰুমত বহি জনতা ভৱনত থাকিব ৷ এনেকুৱা মানুহক ভোট দিলে অসম শেষ হৈ যাব ৷ ২০২৬ ক লৈ তেওঁলোকে মুংগেৰীলালৰ সপোন দেখিছে ৷ গ'ল আমিয়েই দিম ৷ একেৰাহে ১৪ টা নিৰ্বাচনত বহুত গ'ল দিছো ৷ গ'ল পোষ্টত কোনো নায়েই ৷ ইলেকচনৰ সময়ত দেখিব গ'ল পোষ্ট খালি আমি গ'ল দিয়েই আছো ৷

লগতে পঢ়ক: Congress meeting in Bongaigaon : বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক আখ্য়া ভূপেন বৰাৰ

Last Updated : Aug 23, 2023, 2:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.