ETV Bharat / state

পাঁচ বছৰীয়া খতিয়ান দাখিলেৰে পৰিমলৰ শুক্লবৈদ্যৰ সংবাদমেল - পৰিমল শুক্ল বৈদ্য

সংবাদ মাধ্যমৰ সৈতে বার্তালাপ বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ 2016 চনৰ পৰা তিনিটা বিভাগৰ দায়িত্ব আৰু বিগত পাঁচ বছৰীয়া কাৰ্যকালৰ অভিজ্ঞতা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে মন্ত্ৰী পৰিমলে ৷ সুৰাৰ অবৈধ বেহা, মীন বিভাগত হোৱা উন্নয়ন আৰু চোৰাং চিকাৰী সন্দৰ্ভতো মন্ত্ৰী গৰাকীৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

minister parimal suklabaidya shared his experience with journalists in guwahati

author img

By

Published : Feb 24, 2021, 10:26 AM IST

গুৱাহাটী,24 ফেব্ৰুৱাৰী: বিগত পাঁচটা বছৰৰ কাৰ্যকালৰ অভিজ্ঞতা লৈ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মিলিত হ'ল বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ নিজ দায়িত্বত থকা বিভাগৰ কামৰ খতিয়ান দাঙি ধৰাৰ লগতে পাঁচটা বছৰৰ অভিজ্ঞতা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

মঙলবাৰে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে আবকাৰীত যিমান উৎপাদন হয়, প্ৰকৃত অৰ্থত নিয়ন্ত্ৰিত উপায়েৰে ৰাইজৰ ওচৰলৈ নিব পৰা নাছিলো বুলি মন্তব্য কৰি বিজেপি চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত মৃত্যুৰ হাৰ হ্ৰাস পোৱা বুলি দাবী কৰে ৷ সুৰাৰ অবৈধ বেহাৰ সন্দৰ্ভতো মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, "অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী-আবকাৰী বিভাগৰ সহযোগত চেকিঙৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে নিৰ্বাচন আয়োগৰ নির্দেশমৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ব্যৱস্থা আৰম্ভ কৰা হৈছে ৷ অবৈধ চুলাই মদ আজিও সম্পূৰ্ণকৈ বন্ধ কৰিব পৰা নাই ৷ ক'ভিড-19 ভাইৰাছৰ সময়ত মদৰ ওপৰত অতিৰিক্ত 25% কৰ লগোৱা হৈছিল ৷ কৰ হ্ৰাস কৰাতো কোনো নির্বাচনকেন্দ্ৰিক বিষয় নহয় ৷ অৰুণাচল-মেঘালয়ৰ সুৰা দুই নম্বৰী নহয়, কিন্তু অসমৰ কৰ ক্ষতি হয়" ৷

সংবাদ মাধ্যমৰ সৈতে বার্তালাপ বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

সমান্তৰালভাৱে মীন বিভাগত হোৱা উন্নয়নৰ ক্ষেত্ৰতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ শীৰ্ষক আঁচনিৰ জৰিয়তে ৰাজ্যত 12,500 ব্যক্তিগত পুখুৰী নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে ৷ চালানী মাছে দখল কৰা বজাৰত আজিকালি লোকেল মাছ পোৱা যায় বুলি মন্তব্য কৰি শুক্লবৈদ্যই নতুন মীন নীতি খচৰা প্ৰস্তুত কৰিব বুলি জানিবলৈ দিয়ে ৷

চোৰাং চিকাৰীৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে ৷ মন্ত্ৰীগৰাকীৰ মতে 2016-2020 বৰ্ষলৈ 373 গৰাকী চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা হৈছে । তাৰে 172 গৰাকী চোৰাং চিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্য়াহত ৰখা হৈছে ৷ ইয়াৰ উপৰিও বন্যপ্ৰাণী সংক্ৰান্তীয় গোচৰসমূহৰ তৎকালীন নিষ্পত্তিৰ বাবে 10 খন জিলাত গঠন কৰা ফাৰ্ষ্টট্ৰেক ক’ৰ্টত বৰ্তমানলৈ 7 জন চোৰাং চিকাৰীক দোষী সাব্যস্ত কৰা হৈছে বুলি শুক্লবৈদ্যই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: নাৰী শক্তি সমাজৰ শ্ৰেষ্ঠ শক্তি : মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.