ETV Bharat / state

তথ্য প্ৰযুক্তিৰ দিশত ৰাজ্যখন কিমান দূৰ আগুৱাই গৈছে তাৰ বুজ ল'লে মন্ত্রী কেশৱ মহন্তই - তথ্য প্ৰযুক্তি বিভাগৰ সচিবদ্বয় ঘনশ্যাম দাস

তথ্য প্ৰযুক্তি বিভাগ, ডাইটেকৰ কাম-কাজৰ পৰ্যালোচনা তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ । আৰ অ' ডব্লিউ, ৰাজ্যিক ডাটা নীতি, ডাটা ডিজিটাইজেচনৰ বিষয়ত আলোচনা । ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ ৰাজহুৱা ডাটাসমূহ সম্পূৰ্ণ সুৰক্ষিত ৰূপত উপযুক্ত ভাৱে সংৰক্ষণ হোৱাটো সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডাইটেকক ।

Review meeting on information technology by minister keshab mahanta
তথ্য প্ৰযুক্তিৰ দিশত ৰাজ্যখন কিমান দূৰ আগুৱাই গৈছে বুজ ল'লে মন্ত্রী কেশৱ মহন্তই
author img

By

Published : Aug 18, 2022, 10:41 PM IST

গুৱাহাটী, ১৮ আগষ্ট: ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগ আৰু তথ্য-প্ৰযুক্তি, ইলেক্ট্ৰনিকছ আৰু যোগাযোগ সঞ্চালকালয় (ডাইটেক)ৰ কাম-কাজৰ আজি পৰ্যালোচনা কৰে তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই (Information Technology Minister Keshab Mahanta)। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা বৈঠকত তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলসহ বিভাগীয় শীৰ্ষ বিষয়াবৰ্গ, ডাইটেক আৰু এমট্ৰনৰ কাৰ্যবাহীসকল আৰু ডাইটেকৰ অধীনৰ জিলা প্ৰৱন্ধক (তথ্য প্ৰযুক্তি)সকলক লৈ মন্ত্ৰী মহন্তই বিভাগটোৰ লগতে ডাইটেক আৰু এমট্ৰনৰ অধীনত ৰূপায়িত বিভিন্ন তথ্য-প্ৰযুক্তি বিষয়ক প্ৰকল্পৰ খতিয়ান লয় (Review meeting on information technology by minister Keshab Mahanta)।

ৰাজ্যৰ তথ্য প্ৰযুক্তি খণ্ডৰ বিকাশ, সংবৰ্ধনৰ লগতে সুৰক্ষা দিশটোও সুনিশ্চিত কৰিবলৈ অসম চৰকাৰে ডাইটেকৰ জৰিয়তে হাতত লোৱা তথ্য-প্ৰযুক্তি বিষয়ক একাধিক মহত্বপূৰ্ণ প্ৰকল্পক লৈ বৈঠকত বিশেষ ভাৱে পৰ্যালোচনা কৰা হয়। 'আধাৰ অথেনটিকেচন ইউজাৰ এজেন্সী' (এ এ ইউ এ) প্ৰকল্পৰ অগ্ৰগতি, ৰাজ্যত মোবাইল টাৱাৰ তথা আণ্ডাৰগ্ৰাউণ্ড ডাটা কেৱল নেটৱৰ্কৰ ক্ষিপ্ৰ তথা সুচল সম্প্ৰসাৰণৰ পথ প্ৰশস্ত কৰিবলৈ মুকলি কৰা 'ৰাইট অব ৱে' (আৰ অ' ডব্লিউ) প'ৰ্টেলৰ ফলপ্ৰসূ পৰিচালনা, ৰাজ্যিক ডাটা নীতি, ৰাজ্যিক ডাটা চেণ্টাৰ, খছৰা 'ৱেব হোষ্টিং এণ্ড ষ্ট'ৰেজ প'লিচী'ৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে বিভাগীয় মন্ত্ৰীগৰাকীয়ে বৈঠকত বিতং খতিয়ান লয়।

জিলাসমূহত ডাইটেকৰ জিলা প্ৰৱন্ধকসকলৰ তদাৰকীত চলাই থকা কাম-কাজৰ লগতে এমট্ৰনৰ নিয়মীয়া প্ৰকল্পসমূহৰো বিষয়েও মন্ত্ৰীগৰাকীয়ে বিষদ ভাৱে পৰ্যালোচনা কৰে। বৈঠকত তথ্য-প্ৰযুক্তি মন্ত্ৰী মহন্তই ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ ৰাজহুৱা ডাটাসমূহ সম্পূৰ্ণ সুৰক্ষিত ৰূপত উপযুক্ত ভাৱে সংৰক্ষণ হোৱাটো সুনিশ্চিত কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণত ডাইটেকেই মূল ভূমিকা ল'ব লাগিব বুলি স্পষ্ট কৰি দিয়ে। ৰাজ্যত ডাটা ষ্ট'ৰেজ, ডাটা ডিজিটাইজেছন, আৰ্টিফিচিয়েল লাৰ্ণিং আদি দিশত ডাইটেকক অধিক মনোনিৱেশৰ বাবেও মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

তদুপৰি তথ্য-প্ৰযুক্তি খণ্ডৰ উন্নত আৰু শেহতীয়া প্ৰযুক্তিৰাজিৰ বিষয়ে নিয়মীয়াকৈ খা-খবৰ ৰখাৰ লগতে চাইবাৰ ছিকিউৰিটী আৰু ৰাইট অব ৱে প'ৰ্টেলৰ পৰিচালনাৰ বিষয়ত জিলা প্ৰৱন্ধক (তথ্য প্ৰযুক্তি)সকল আৰু জিলাসমূহত থকা এমট্ৰনৰ কাৰ্যবাহীসকলকো উপযুক্ত ভাৱে প্ৰশিক্ষণ প্ৰদানেৰে তেওঁলোকৰ সামৰ্থ বৃদ্ধিৰো পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে জিলা প্ৰৱন্ধকসকল আৰু এমট্ৰনৰ জিলাস্তৰীয় গোটৰ সৈতে প্ৰতি তিনিমাহত এবাৰকৈ পৰ্যালোচনা তথা কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে সময়ে সময়ে ৱেবিনাৰ আয়োজনৰো পৰামৰ্শ দিয়ে মন্ত্ৰী মহন্তই।

এই পৰ্যালোচনা বৈঠকত তথ্য প্ৰযুক্তি বিভাগৰ সচিবদ্বয় ঘনশ্যাম দাস আৰু নন্দিতা দত্ত, যুটীয়া সচিব পাৰভেজ আমিন, তথ্য প্ৰযু্ক্তি, ইলেকট্ৰনিকচ আৰু যোগাযোগ সঞ্চালকালয় (ডাইটেক)ৰ সঞ্চালক স্বপ্নীল পাল, এমট্ৰনৰ পৰিচালন সঞ্চালক এছ সুন্দৰ আৰু ৰাজ্যিক ই-গ'ভৰনেন্স মিছনৰ টীম লীডাৰ মুকুন্দ মাধৱ পূজাৰী উপস্থিত আছিল।

লগতে পঢ়ক: চাৰি সংগঠনেৰে বিফল বৈঠকৰ পাচত পুনঃ আলোচনাৰ পোষকতা শিক্ষমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.