ETV Bharat / state

Rajen Gohain resigns: ৰাজেন গোহাঁইক সন্ন্যাস লোৱাৰ পৰামৰ্শ জয়ন্ত মল্ল বৰুৱাৰ - conflict in Assam BJP

বিদ্ৰোহী ৰাজেন গোহাঁই বিৰুদ্ধে সৰৱ হৈছে দলীয় নেতৃত্ব ৷ মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱাই এই সমগ্ৰ বিষয়ত হাজ উজান দিছে ৷ ৰাজেন গোহাঁইক উদ্দেশ্যি কি ক’লে জয়ন্ত মল্ল বৰুৱাই----

Rajen Gohain resigns
Rajen Gohain resigns
author img

By

Published : Aug 19, 2023, 11:17 PM IST

গুৱাহাটী, ১৯ আগষ্ট: লোকসভা নিৰ্বাচন চমু চপাৰ লগে লগে বাদ-বিসম্বাদত জৰ্জৰিত হৈ পৰিছে শাসকীয় দল বিজেপি ৷ ইতিমধ্যে ইজনৰ পিছত সিজন প্ৰবীণ বিজেপি নেতাই দলৰ কামকাজ সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য । শেহতীয়াকৈ দুজনকৈ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে দলটোত চলা কাম-কাজ সন্দৰ্ভত কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য ৷

এই মন্তব্যৰ পিছতে শনিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰে ৷ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে কেবিনেট মৰ্যাদা সম্পন্ন পদত্যাগ কৰাক লৈ তেওঁ মন্তব্য কৰে ৷

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে সদায় ‘প্ৰদৰ্শন’ (Performance)ৰ ওপৰত চলে ৷ কপিলদেৱে বিশ্বকাপ জয় কৰিছিল । এতিয়া কপিলদেৱকতো খেলাই থাকিব নোৱাৰি ! বিজেপিত ৮০ শতাংশ ২০১৪ ৰ পিছত অহা কাৰ্যকৰ্তা । ৮ বছৰৰ আগত অহা সকল নতুন কাৰ্যকৰ্তা হ’ব নোৱাৰে । ছমাহৰ আগত অহাবোৰ নতুন বুলি ক’ব পাৰি । ৰাজেন গোহাঁইক দলে যিমান দিছে,আন কাকো দিয়া নাই ।’’

তেওঁ আৰু কয়, ‘প্ৰজন্ম’ হিচাপে দলত মানুহ থাকিব । আগতে গাভাস্কাৰ, কপিলদেৱ আছিল । এতিয়া নাই, এনেকৈ চলি থাকিব । খিলঞ্জীয়াৰ পক্ষত নিৰ্বাচন আয়োগে চিন্তা কৰিছে ৷ যাৰ বাবে ১০৩ টা সমষ্টি খিলঞ্জীয়াৰ হাতত আছে ৷ নগাঁও সমষ্টিটো বাদ দি বেলেগ জয়ী হ’ব নালাগে বুলি ভাবিছে যদি সেইয়া বেলেগ কথা ৷ ৰকিবুল হুছেইনৰ লগত সম্পৰ্ক থকাৰ কথা উলিয়ালে সকলোৱে ‘লেই লেই ছেই ছেই’ কৰিব গোহাঁইক ।’’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়াৰ পৰা বিজেপি কাৰ্যালয়ৰ ভিতৰত কোনোৱে দলৰ বিৰুদ্ধে কথা ক’ব নোৱাৰিব ৷ যিয়ে ক’ব তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ জ্যেষ্ঠ বুলি সহ্য কৰি থকা নহ’ব ৷

ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনা সন্দৰ্ভতো জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে ৷ তেওঁ কয় যে এই ঘটনাত জড়িত থকা সকল কোনো ডাঙৰ পদবীত থকা লোক নহয়, সাধাৰণ কৰ্মীহে । ইয়াত দলৰ কোনো সম্পৰ্ক নাই । দলটোক জড়িত কৰাটো বেয়া কথা হৈছে । যিসকলৰ ওচৰলৈ মহিলা যাবলৈ ভয় কৰে, তেওঁলোকেই এতিয়া মহিলাৰ কথা কয় ৷

এক প্ৰকাৰৰ সকীয়নি প্ৰদান কৰি জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘কাকো লেকাম বিহীনভাৱে কথা ক’বলৈ দিয়া নহ'ব । দল এতিয়াৰ পৰা কঠোৰ হ'ব । দলটোলৈ বিশৃংখলতা আহিবলৈ দিয়া নহ'ব । নগাঁও সমষ্টিটো আমি জিকিম, আমি সকলো জিকিম ৷ গাভাস্কাৰে এতিয়া খেলিম বুলি ক’লেতো নহ’ব । ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স, হৰিনাম লওক । এতিয়া ৰাজেন গোহাঁইৰ সন্ন্যাস লোৱাৰ সময় ।’’

লগতে পঢ়ক: Pijush Hazarika: ড° হিমন্ত বিশ্ব শৰ্মাক ‘জাতীয় জীৱনৰ মহানায়ক’ আখ্যা পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.