গুৱাহাটী, 29 ছেপ্তেম্বৰ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চাকৰিৰ নামত টকা লোৱা আৰু চাকৰি বিচাৰি টকা দিয়া কোনো লোকে সাৰি যাব নোৱাৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছে ৷ লগতে, 30 নৱেম্বৰৰ ভিতৰত পুনৰ সুকলমে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰদান কৰিছে ৷
আনহাতে, আমিনগাঁৱৰ কেশৱ ধাম সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী গৰাকীয়ে । পৰীক্ষা কেলেংকাৰীৰ লগত কেশৱ ধামক জড়িত কৰাৰ কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলিও প্ৰকাশ কৰিলে মন্ত্ৰী শৰ্মাই । কেশৱ ধাম সম্পূৰ্ণ নিকা আৰু স্বচ্ছ বুলিও উল্লেখ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, কেলেংকাৰীত নাম সাঙোৰ খোৱা দিবন ডেকা বিজেপিৰ নহয় বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : ৰাজ্য কঁপোৱা SI নিযুক্তি কাণ্ডৰ এজন পৰীক্ষাৰ্থীক আটক