ETV Bharat / state

"মোৰ সমান দুখী কোনো নাই" : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী - Chandramohan patuwari latest news

সংবাদমেলখনৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জনায় যে অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ লগতে ২২টা জনগোষ্ঠীয় ভাষা সাহিত্য সভাক বিত্তীয় সাহাৰ্য প্ৰদান কৰাৰ লগতে 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে সকলো কাৰ্যপন্থা লোৱা হৈছে ।  উল্লেখ্য যে সংবাদমেলখনত খিলঞ্জীয়াই ভূমি পট্টা লাভ কৰাৰ লগতে নতুন ভূমি আইনৰ বাবে উপ সমিতি গঠন কৰা হৈছে  বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
author img

By

Published : Jan 10, 2020, 9:19 PM IST

গুৱাহাটী, 10 জানুৱাৰী: "CAA" বিৰোধী আন্দোলনৰ মাজতে চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ আৰু বহু আঁচনি ৷ শুকুৰবাৰে জনতা ভৱনত শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়ে জনাবলৈ এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰীয়ে ৷ আনহাতে এই সংবাদমেলৰ জৰিয়তে অসমলৈ অহা বিনিয়োগকাৰীৰ সংখ্যা ক্ৰমাৎ কমি যোৱা বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷ ফলত অতি দুখী হৈ পৰিছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সংবাদমেলখনৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জনায় যে অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ লগতে ২২টা জনগোষ্ঠীয় ভাষা সাহিত্য সভাক বিত্তীয় সাহাৰ্য প্ৰদান কৰাৰ লগতে ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে সকলো কাৰ্যপন্থা লোৱা হৈছে । উল্লেখ্য যে, সংবাদমেলখনত খিলঞ্জিয়াই ভূমি পট্টা লাভ কৰাৰ লগতে নতুন ভূমি আইনৰ বাবে উপ সমিতি গঠন কৰা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰোপৰি, বৰাক ভেলীত গ্ৰীণ ফিল্ড বিমানবন্দৰৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদমেলখনত জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ যাৰ দ্বাৰা দক্ষিণ পূব এছিয়াক সংযোগ কৰা হ'ব । লগতে বঙাইগাঁও ৰিফাইনেৰীৰ উৎপাদন ক্ষমতা তিনি মিলিয়নৰ পৰা ছয় মিলিয়নলৈ বৃদ্ধিৰ কাম হাতত লোৱা হৈছে ৷ আনহাতে ৰে'লৱে, এয়াৰৱে , হাইৱে, নেভীৱে , ইন্টাৰনেট ৱেৰ দিশত অসমক আগুৱাই নিয়াৰ প্ৰয়াস অব্যাহত আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, বৰ্তমান অসমৰ চাৰিওটা ৰিফাইনেৰীৰ উৎপাদন ক্ষমতা মাত্ৰ সাত মিলিয়ন সেয়ে পাৰাদ্বীপৰ পৰা ক্ৰোড অইল আনি নুমলীগৰৰ উৎপাদন ক্ষমতা ৯ মিলিয়ন কৰা হ'ব ৷ ইতিমধ্যে চৰকৰে গেছ আৰু তেলৰ সম্ভাৱনা থকা ১০০ স্থান চিনাক্ত কৰি উলিয়াইছে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

সংবাদনমেলখনত দিয়া তথ্য অনুসৰি, কেন্দ্ৰই বিত্তীয় সাহাৰ্য পৰ্যাপ্ত পৰিমাণে দিছে। লগতে ইন্দ্ৰধনুচ গেছ গ্ৰীড লিমিটেড অসম চৰকাৰৰ নতুন প্ৰচেষ্টা । আনহাতে, অসমৰ অৰ্থনীতি সলনি কৰিব পাইপ লাইন প্ৰকল্পই । অসমৰ বাবে মাইলৰ খুটি হ'ব এই পাইপ লাইন প্ৰকল্প । প্ৰথমে গুৱাহাটীৰ নাৰেংগীলৈ আহিব পাইপ লাইন। ইতিমধ্যে ক'ত ক'ত পাইপ লাইনডাল পৰিব তাৰ বাবে জৰীপ কৰিবলৈ দিয়া হৈছে । তৈলক্ষেত্ৰ আৰু প্ৰাকৃতিক গেছৰ বাবে কেন্দ্ৰই ৪২,৭৮২কোটি টকাৰ প্ৰকল্প হাতত লৈছে । এয়া কোনো কৌতুক নহয় বুলিও সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: কৃষকৰ আত্মহত্যা, NCRB ৰ তথ্য ভুল : CPI

আনহাতে সংবাদমেলখনত আন্দোলনৰ বিষয়ে ভাল বেয়া একো নকওঁ বুলি মন্তব্য কৰে শাসক দলৰ মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু চৰকাৰী সা-সম্পত্তি নষ্ট হোৱাৰ লগতে আন্দোলনৰ বাবে ২২ লাখ নিবনুৱা ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইয়াৰোপৰি ভাৰত চৰকাৰে অসম চুক্তিৰ সাত নং দফাৰ জড়িয়তে যোগীঘোপাত ঐতিহাসিক ভাৱে আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক হাব গঢ়িবলৈ আগবাঢ়িছে ৷ লগতে মঙলদৈত ৯৫০ কোটি ব্যয়ৰে SKILL UNIVERSITY বনোৱা হ'ব বুলি সংবাদমেলত জনায় হ'ব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

Intro:মোৰ সমান দুখী কোনো নাই
বৰ দুখ পালো আন্দোলনে উদ্যোগ ক্ষেত্ৰক ধ্বংস কৰি দিলে -- মন্ত্ৰী চন্দ্ৰ মোহন ।

Body:মহানগৰীৰৰ জনতা ভৱনত মন্ত্ৰী চন্দ্ৰ মোহন পটুৱাৰীৰ সংবাদমেল । ধেমেলীয়া কথাৰে সংবাদমেল আৰম্ভ চন্দ্ৰমোহন পাটোৱাৰীৰ। আৰু তাৰ পিছত মন্ত্ৰী গৰাকীৰ মন্তব্য অসমৰ সবাতোকৈ দুখী ব্যক্তি চন্দ্ৰ মোহন পটুৱাৰী । কিন্তু কিয় ? CAA বিৰোধী আন্দোলনৰ বাবেই অসমলৈ নহা হৈছে হেনো বিনিয়োগ কাৰী । তাকেলৈ দূষিত হৈ পৰিছে মন্ত্ৰী গৰাকী ।
লগতে বিগত কেইদিন চৰকাৰে লোৱা বিভিন্ন পদক্ষেপ আৰু আঁচনি সমূৰ বিষয়েও অৱগত কৰে মন্ত্ৰী গৰাকীয়ে --
• অসম সাহিত্য সভা,বড়ো সাহিত্য সভাৰ লগতে ২২টা জনগোষ্ঠীয় ভাষা সাহিত্য সভাক প্ৰদান কৰা হৈছে বিত্তীয় সাহাৰ্য
• ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে সকলো কাৰ্যপন্থা লোৱা হৈছে ।
• ভূমি পট্টা লাভ কৰিব খিলঞ্জীয়াই
নতুন ভূমি আইনৰ বাবে উপ সমিতি গঠন কৰা হৈছে ।
• বৰাক ভেলীত হ'ব গ্ৰীণ ফিল্ড বিমানবন্দৰ । যাৰ দ্বাৰা দক্ষিণ পুব এছিয়াক সংযোগ কৰা হ'ব ।
• বঙাইগাঁও ৰিফাইনেৰীৰ উৎপাদন ক্ষমতা তিনি মিলিয়নৰ পৰা ছয় মিলিয়নলৈ বৃদ্ধিৰ কাম হাতত লোৱা হৈছে
• ৰেলৱে, এয়াৰৱে,হাইৱে, নেভীৱে,ইন্টাৰনেট ৱেৰ দিশত অসমক আগুৱাই নিয়াৰ প্ৰয়াস অব্যাহত আছে
• বৰ্তমান অসমৰ চাৰিওটা ৰিফাইনেৰীৰ উৎপাদন ক্ষমতা সাত মিলিয়ন মাত্ৰ
• পাৰাদ্বীপৰ পৰা ক্ৰুড অইল আনি নুমলীগৰৰ উৎপাদন ক্ষমতা ৯ মিলিয়ন কৰা হ'ব
• গেছ আৰু তেলৰ সম্ভাৱনা থকা ১০০ স্থান চিনাক্ত কৰা হৈছে
• কেন্দ্ৰই বিত্তীয় সাহাৰ্য পৰ্যাপ্ত পৰিমানে দিছে। ইন্দ্ৰধনুচ গেছ গ্ৰীড লিমিটেড অসম চৰকাৰৰ নতুন প্ৰচেষ্টা । ৰাইজে অসমৰ সম্ভাৱনা বুজিব লাগিব । অসমত ২৬৫ কিলোমিটাৰ এলেকাৰ গেছৰ চাহিদা পূৰণ কৰিব গেছ গ্ৰীড লিমিটেড আছিনিত। অসমৰ অৰ্থনীতি সলনি কৰিব পাইপ লাইন ডালে। অসমৰ বাবে মাইলৰ খুটী হ'ব পাইপ লাইন ডাল । প্ৰথমে গুৱাহাটীৰ নাৰেংগীলৈকে আহিব পাইপ লাইন।
ক'ত ক'ত পাইপ লাইনডাল পৰিব তাৰ বাবে জৰীপ কৰিবলৈ দিয়া হৈছে ।
• তৈলক্ষেত্ৰ আৰু প্ৰাকৃতিক গেছৰ বাবে কেন্দ্ৰই ৪২,৭৮২কোটি টকাৰ প্ৰকল্প হাতত লৈছে । এয়া কোনো কৌতুক নহয় । এয়া সত্যতা । সংগ্ৰাম উন্নয়ণ একেলগে চলি থাকিব লাগিব । প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে অহৰ্নিশে অসমৰ উন্নয়ণৰ বাবে লাগি আছে ।
আন্দোলন ভাল বেয়া একো নকওঁ
কিন্তু চৰকাৰী সা-সম্পত্তি নষ্ট হৈছে
২২ লাখ নিবনুৱা ক্ষতিগ্ৰস্ত হৈছে আন্দোলনৰ বাবে
বিনিয়োগ নহ'লে নিবনুৱা কিদৰে লাভান্বিত হ'ব
নতুনকৈ বিনিয়োগ কৰিবলৈ বিচৰা নাই বহু উদ্যোগ
নৰৱে,হাংগেৰীৰ উদ্যোগ নাহো বুলি কৈছে
বাংগালোৰত গৈ চাকৰী কৰিব লাগিব অসমৰ নিবনুৱা
অসম গঢ়াত লাগক অসমৰ ৰাইজ
বিনিয়োগ শান্তি থাকিলেহে হ'ব
• ভাৰত চৰকাৰে অসম চুক্তিৰ সাত নং দফাৰ জড়িয়তে যোগীঘোপাত ঐতিহাসিক ভাৱে আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক হাব গঢ়িবলৈ আগবাঢ়িছে
• মঙলদৈত ৯৫০ কোটি ব্যয়ৰে হ'ব SKILL UNIVERSIT
• জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নহাতো দুৰ্ভাগ্যজনক
নিবনুৱা বাৰুকৈ ক্ষতিগ্ৰস্ত হ'ল এই কাৰণে

Conclusion:• বি আৰ ছেট্টীয়ে কাগজ কল ল'ব বিচাৰিছিল অসমৰ জ্বলন্ত ৰূপ দেখি চাৰিদিন পূৰ্বে ফোন কৰি কৈছে অসমৰ উদ্যোগ লোৱাৰ এয়া সময় নহয়
মই পুনৰ বুজাম ছেট্টীক
দেউলীয়া ঘোষণা হোৱা কাগজ কলৰ বাবে আমি এতিয়াও লাগি আছো

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.