গুৱাহাটী,29 এপ্ৰিলঃ ইতিমধ্যে ৰাজ্যত আন্তঃজিলা যাতায়াতৰ বুকিঙৰ বাবে পৰিবহণ নিগমে মুকলি কৰা ১০৪ নম্বৰ সাময়িকভাৱে বন্ধ ৰখা হৈছে । যথেষ্ট সংখ্যক লোকে কৰা আবেদনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত পৰিবহণ বিভাগৰ । সম্প্ৰতি আবদ্ধ লোকসকলে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰিলেহে লাভ কৰিব টিকট । মঙলবাৰে গুৱাহাটী মহানগৰীৰ আইএছবিটিত উপস্থিত হৈ এই কথা জানিবলৈ দিয়ে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
ইফালে একাংশ লোকে এগৰাকী যাত্ৰীৰ বাবদ ৪/৫ বাৰ পৰ্যন্ত বুকিং কৰিছে । যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ অসুবিধাত পৰিছে । সেয়ে এবাৰহে টিকট বুকিং কৰিবলৈ যাত্ৰীসকলক আহ্বান জনাইছে মন্ত্ৰী পাটোৱাৰীয়ে । সমান্তৰালকৈ অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলৰ ক্ষেত্ৰত শীঘ্ৰে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
লগতে চাওকঃ তেজপুৰত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান