ETV Bharat / state

Minister Bimal Bora: সংগীতজ্ঞ ৰমেন বৰুৱা আৰু সুদক্ষিণা শৰ্মাৰ স্বাস্থ্যৰ বুজ ললে সাংস্কৃতিক মন্ত্রী বিমল বড়াই - শিল্পী সুদক্ষিণা শৰ্মা

কিছুদিন অসুস্থ হৈ থকা ৰাজ্যৰ দুই শিল্পী সুদক্ষিণা শৰ্মা আৰু ৰমেন বৰুৱাক সাক্ষাৎ মন্ত্ৰী বিমল বড়াৰ ৷ চৰকাৰৰ ফালৰ পৰা সকলো সহায় আগবঢ়োৱাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ ৷

Minister Bimal Bora
Minister Bimal Bora
author img

By

Published : Jun 29, 2023, 10:31 PM IST

গুৱাহাটী, ২৯ জুন: অসুস্থ হৈ আছে ৰাজ্যৰ দুগৰাকীকৈ প্ৰথিতযশা শিল্পী সুদক্ষিণা শৰ্মা আৰু ৰমেন বৰুৱা ৷ অসমীয়া চলচ্চিত্ৰৰ ৭০-৮০দশকৰ সফল সংগীত পৰিচালক ৰমেন বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী বিমল বড়াই ৷ পৰিচালকগৰাকীৰ মহানগৰীৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ সমীপৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

  • Visited the home of eminent Assamese music director Shri Ramen Baruah dangoriya to enquire about his well-being.

    Shri Ramen Baruah dangoriya’s immense contribution to the Assamese Film Industry began when he lent his voice to the songs in the film "Smitir Porox" in 1955 after… pic.twitter.com/lbmPKcdEQo

    — Bimal Borah (@BimalBorah119) June 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ মন্ত্ৰী বড়াই চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰপৰা সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ সংগীত শিল্পী ৰমেন বৰুৱাৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত তেওঁৰ কনিষ্ঠ ভাতৃ গায়ক দ্বীপেন বৰুৱা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ সচিব অশোক বৰ্মন, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত আছিল ৷

ইয়াৰ পাচতে মন্ত্ৰী বড়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ থকা শিল্পী সুদক্ষিণা শৰ্মাৰো স্বাস্থ্যৰ বুজ লয় ৷ মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰে কথা পাতি শিল্পীগৰাকীৰ চিকিৎসা সন্দৰ্ভত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে ৷

উল্লেখযোগ্য যে দুয়োগৰাকী শিল্পীয়েই অসমীয়া সংস্কৃতিৰ বৰ ঘৰলৈ প্ৰভূত অৰিহণা আগবঢ়াই গৈছে ৷ ৮৩ বছৰীয়া ৰমেন বৰুৱাই মুঠ ২৭খন ছবিত সংগীত পৰিচালনা কৰিছে ৷ ৫ খনকৈ ছবিত নিজে কণ্ঠদান কৰিছে ৷

আনহাতে নামেই যাৰ পৰিচয় তেঁও সুদক্ষিণা শৰ্মা ৷ অসমৰ এগৰাকী খ্যাতনামা গায়িকা ৮৯ বছৰীয়া সুদক্ষিণা শৰ্মাই প্ৰায় ৭ টাতকৈয়ো অধিক দশক সংগীতেৰে জাতিক সমৃদ্ধ কৰি আহিছে ৷ সংগীত সূৰ্য ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিণা শৰ্মাই তেওঁৰ স্বামী শিল্পী দিলীপ শৰ্মাৰ সৈতেও গণনাট্য সংঘতো জীৱনৰ এছোৱা শিল্পৰ বাবেই উচৰ্গা কৰিছিল ৷

লগতে পঢ়ক: Ghograpar Police station case: ঘগ্ৰাপাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয় পলাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.