গুৱাহাটী,২০ জানুৱাৰী: কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় এখনি বিশেষ সভা । সভাত উপস্থিত থাকে জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰা(Minister Atul Bora attend in review meeting of Kamrup Metro) । সভাত উপস্থিত থাকি মন্ত্ৰী বৰাই জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । সভাত উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত সুকন্য়া বৰা আৰু জয় শিৱানী আদি ।
![Minister Atul Bora attend in review meeting of Kamrup Metro](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-kamrupmetroreviewmeeting-ministeratulbora-7210645_20012023195258_2001f_1674224578_1031.jpg)
সভাত মন্ত্ৰীগৰাকীয়ে কৃষি, জনস্বাস্থ্য় আৰু কাৰিকৰী, জিলা পৰিষদ, শিক্ষা, স্বাস্থ্য়, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, বিদ্যুৎ, বেংক, ভূমি সংৰক্ষণ, শ্ৰম আৰু নিয়োগ বিনিময়, পৰিবহণ, মীন, আৱকাৰী, পৰ্যটন, জলসম্পদ আদি সকলো বিভাগত চলি থকা কাম-কাজৰ পৃথকে পৃথকে পৰ্যালোচনা কৰে । কৃষি বিভাগৰ পি এম কিষাণ আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগত সমন্বয় ৰাখি কোনো কৃষক বাদ পৰি নোযোৱাকৈ এই আঁচনিৰ কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।
আনহাতে, কোনো অঙ্গনৱাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্য়ালয় থাকি নোযোৱাকৈ অহা ৩১ মাৰ্চৰ আগতে সকলো অঙ্গনৱাড়ী কেন্দ্ৰতে খোৱাপানী আৰু শৌচালয়ৰ ব্য়ৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য় আৰু কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে(Atul Bora orders development of Anganwadi centre) । বিভাগটোক এইক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সমাজকল্য়াণ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ প্ৰদান কৰে । জিলাখনৰ শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰি শিক্ষা অৰ্জনৰ সুবিধা কৰি দিবলৈকো মন্ত্ৰীগৰাকীয়ে সমাজ কল্য়াণ বিভাগক নিৰ্দেশ প্ৰদান কৰে ।
![Minister Atul Bora attend in review meeting of Kamrup Metro](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-kamrupmetroreviewmeeting-ministeratulbora-7210645_20012023195258_2001f_1674224578_750.jpg)
আনহাতে বানমুক্ত গুৱাহাটী অভিযান(Flood-free Guwahati campaigne) সাৰ্থক কৰিবলৈ সভাত গুৱাহাটী পৌৰনিগমক প্লাষ্টিক নিষ্কাষণৰ সুব্য়ৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । মুখ্য়মন্ত্ৰীৰ পথ দুৰ্ঘটনামুক্ত অসম(Road accident-free Assam) গঢ়াৰ আহ্বান সফল কৰি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে পৰিবহণ বিভাগক সুৰাপায়ী চালকৰ বিৰূদ্ধে(Drive against drunk drivers) চলাই থকা অভিযান অধিক কঠোৰ কৰি তুলিবলৈ সভাত নিৰ্দেশ প্ৰদান কৰে । এইক্ষেত্ৰত পৰিবহন বিভাগে দুৰ্ঘটনাত পতিতসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ মন্ত্ৰীগৰাকীক সোণাপুৰৰ ট্ৰমা চেণ্টাৰটো মিনি আই চি ইউলৈ ৰূপান্তৰ কৰাৰ ব্য়ৱস্থা লবলৈ অনুৰোধ জনায় ।
![Minister Atul Bora attend in review meeting of Kamrup Metro](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-kamrupmetroreviewmeeting-ministeratulbora-7210645_20012023195258_2001f_1674224578_980.jpg)
সভাত ভাষণ প্ৰদান কৰি উপায়ুক্ত পল্লৱ গোপাল ঝায়ে সকলো বিভাগকে বিষয়সমূহ গুৰুত্বসহকাৰে লবলৈ আহ্বান জনায় । তেওঁ কয় যে অভিভাৱক মন্ত্ৰীৰ পৰৱৰ্তী সভাত সকলো বিভাগেই নিৰ্ধাৰিত সময়ত কাম-কাজসমূহ সম্পূৰ্ণ কৰিব লাগিব । অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰাই বিভাগসমূহক কাম-কাজৰ প্ৰতিবেদন উপায়ুক্ত কাৰ্যালয়ত দৈনিক দাখিল কৰিবলৈ সভাত অনুৰোধ জনায় ।