গুৱাহাটী,১০ জানুৱাৰী : পুনৰ ছুপাৰ ছাকাৰ মেচিনৰ প্ৰসংগ (Super sucker controversy in Assam)। উল্লেখ্য যে গুৱাহাটীৰ নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে অনা ছুপাৰ ছাকাৰ মেচিনক লৈ বিগত সময়ত বিতৰ্কৰ সূচনা হৈছিল । অত্যাধুনিক ছুপাৰ ছাকাৰ মেচিন কাৰ্যক্ষেত্রত প্ৰয়োগ কৰাৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগম কাৰ্যতঃ ব্যৰ্থ হৈছিল । দীৰ্ঘদিন ধৰি বিভিন্ন কাৰণত পৰি আছিল ছুপাৰ ছাকাৰ মেচিন ।
এতিয়া পুনৰ ব্যৱহাৰ কৰা হৈছে এই অত্যাধুনিক ছুপাৰ ছাকাৰ মেচিন (Super sucker used in Guwahati)। মঙলবাৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীৰ ৰুক্মিণী গাঁৱত বাহিনী নদীৰ পাৰত গুৱাহাটী পৌৰ নিগমৰ ছুপাৰ ছাকাৰ মেচিনৰ কাম-কাজৰ তদাৰক কৰে ।
উল্লেখ্য যে এই অত্যাধুনিক নিষ্কাষণ যন্ত্ৰ ব্যৱহাৰ কৰি প্ৰশিক্ষিত প্ৰযুক্তিবিদ আৰু গুৱাহাটী পৌৰ নিগমৰ বিষয়াসকলৰ দ্বাৰা ৰুক্মিণীগাঁৱৰ বাহিনী নদীত চলি আছে গেদ নিষ্কাষণ প্ৰক্ৰিয়া । মঙলবাৰে মন্ত্রী সিংঘালে এই প্ৰক্ৰিয়াৰ বুজ লয় (Ashok Singhal supervised operation of super sucker)। সংবাদ মাধ্যমৰ আগত মন্ত্রী সিংঘালে কয় যে পৌৰ নিগমৰ কৰ্মচাৰীসকলে মেছিনৰ বিপৰীতে মেনুৱেলি কাম কৰিব বিচাৰে । যিসকল ইচ্ছাকৃতভাৱে এনে কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আগলৈয়ো হৈ থাকিব (Negligence of GMC in use of Super sucker)।
চৰকাৰৰ ব্যৱস্থাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰি তেওঁ কয় যে গুৱাহাটীৰ চৌদিশে নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ কাম চলি আছে । আৱৰ্জনা নিষ্কাসণৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগমৰ লগতে ৰাইজৰ তৰফৰ পৰাও খেলি-মেলি আছে বুলি সদৰি কৰি তেওঁ কয় যে নলা চাফা কৰিব যাওতে বহু পৰিমাণৰ মদৰ বটল ওলায় । নলা-নৰ্দমাত এনেদৰে মদৰ বটল তথা জাৱৰ পেলোৱাটো সমীচিন নহয় ।
তেওঁ লগতে কয় যে ভাৰতৰ বিভিন্ন চহৰত ছুপাৰ ছাকাৰ মেচিনৰ যোগেদি নলা-নৰ্দমাৰ জাৱৰ চাফা কৰা যেতিয়া গুৱাহাটীত কিয় নহ'ব । গুৱাহাটী পৌৰ নিগমে ইচ্ছাকৃতভাৱে ছুপাৰ ছাকাৰ মেচিনৰ সমগ্ৰ প্ৰকল্পটো ব্যৰ্থ কৰিব বিচাৰিছিল । কিন্তু হেঁচা দিয়াত এতিয়া কৰিবলৈ লৈছে বুলি তেওঁ কয় ।
উল্লেখ্য যে ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ পুঁজিৰ পৰা ২৫ কোটি টকা ব্যয় কৰি গুৱাহাটী পৌৰ নিগমৰ বাবে ১০ খন ছুপাৰ ছাকাৰ ক্ৰয় কৰিছিল (Super sucker in Guwahati)। প্ৰতিখন ছুপাৰ ছাকাৰৰ বিপৰীতে চৰকাৰে দুখনকৈ ডাম্প টেংকাৰো একেলগে ক্ৰয় কৰিছিল । কিন্তু আৰম্ভণিতে এই অত্যাধুনিক মেছিনৰ দ্বাৰা আশাব্যঞ্জক ফলাফল লাভ নকৰিলে পৌৰ নিগম কতৃৰ্পক্ষই । যাৰ ফলত পৌৰ নিগম কতৃৰ্পক্ষৰ বাবে ই এক বৃহৎ আৰ্থিক বোজাত পৰিণত হৈছিল ।
গুৱাহাটীৰ নলা-নৰ্দমাৰ পৰা জাৱৰ নিষ্কাশণৰ বাবে অনা এই দহখন ছুপাৰ ছাকাৰ অব্যৱহৃত অৱস্থাত পৌৰ নিগমৰ বশিষ্ঠত থকা যানশালা শাখাত পৰি আছিল । এখন ছুপাৰ ছাকাৰ ব্যৱহাৰ কৰিবলৈ প্ৰায় ১২ জন লোকৰ প্ৰয়োজন হয় ।
উল্লেখ্য যে মন্ত্ৰী অশোক সিংঘালৰ উদ্যোগত ক্ৰয় কৰা ছুপাৰ ছাকাৰ সেৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২১ বৰ্ষৰ ১০ ডিচেম্বৰৰ দিনাখন ফ্লেগ অফ কৰি আৰম্ভ কৰিছিল । কিন্তু আৰম্ভ কৰিয়েই থমকি ৰৈছিল পৌৰ নিগম । যাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল । আনকি শাসকীয় দলৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ইয়াক লৈ ব্যাপক সমালোচনা কৰিছিল ।
উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ অধীনত ৩৩০ টা নলা-নৰ্দমা আছে । অৱশেষত পুনৰ ছুপাৰ ছাকাৰ মেচিনেৰে কাম আৰম্ভ হৈছে । অৱশ্যে এইবাৰ পৌৰ নিগম কিমান দূৰ সফল হয় সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক :GP Singh Kokrajhar Visit : গণতন্ত্ৰ দিৱসত বিটিআৰত নতুন সশস্ত্ৰ সংগঠন আত্মপ্ৰকাশৰ পৰিকল্পনা !