ETV Bharat / state

দৰ্শনাৰ্থীৰ বাবে ৭ অক্টোবৰৰ পৰা মুকলি হ'ব মহাবাহু ব্ৰহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰ

author img

By

Published : Oct 3, 2021, 10:30 PM IST

নতুন ৰূপত ব্ৰিটিছৰ দিনতে নিৰ্মিত গুৱাহাটীৰ ঐতিহাসিক ডিচি বাংলো । অসমৰ গৌৰৱোজ্জল বহু ইতিহাস সজীৱ কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে ঐতিহ্য কেন্দ্ৰটোত । পুৰণি ডিচি বাংলোত সাংবাদিকৰে মত-বিনিময় মন্ত্রী অশোক সিংঘালৰ ।

দৰ্শনাৰ্থীৰ বাবে ৭ অক্টোবৰৰ পৰা মুকলি হ'ব মহাবাহু ব্ৰক্ষ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰ

গুৱাহাটী, ৩ অক্টোবৰ : গুৱাহাটীৰ পাণবজাৰস্থিত ঐতিহাসিক ডিচি বাংলোক 'মহাবাহু ব্ৰহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰ' ৰূপে দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় যদিও পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে ৭ অক্টোবৰত মুকলি কৰা হ'ব । আজি বিয়লি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে মন্ত্ৰী অশোক সিংঘালে ।

উল্লেখযোগ্য যে, দেওবাৰে পুৱাৰ ভাগত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই উপলক্ষে বিয়লি কেন্দ্ৰটোত মন্ত্ৰী অশোক সিংঘালে সাংবাদিকৰে মত-বিনিময় কৰাৰ লগতে ডিচি বাংলোৰ নতুন ৰূপ সম্পৰ্কে অৱগত কৰে । তেওঁ কয় যে, ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা ডেৰশ বছৰীয়া ইতিহাস গৰকা ডিচি বাংলোটো সংৰক্ষণৰ লক্ষ্য আৰু বিনোদন তথা পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীয়ে ।

মহাবাহু ব্ৰহ্মপুত্র নদীৰ ঐতিহ্য কেন্দ্ৰটোত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠিৰ কৃষ্টি-সংস্কৃতি, হস্ততাঁত-বস্ত্ৰশিল্প, চিত্ৰশিল্প, ইতিহাসৰ স্মৃতি বিজড়িত ফটো আদি সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । কেন্দ্ৰটোত নিৰ্মাণ কৰা মিউজিয়ামত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা দুই শতাধিক বাদ্যযন্ত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

তদুপৰি কেন্দ্ৰটোত ভিণ্টেজ আসাম শীৰ্ষক এটা ফটো গেলেৰীৰ ব্যৱস্থা কৰা হৈছে । আনহাতে বাংলোৰ বাৰাণ্ডাত পেইণ্টিং গেলেৰীৰ ব্যৱস্থা কৰা হৈছে । এই গেলেৰীত প্ৰতিমাহে এগৰাকী চিত্ৰশিল্পীয়ে চিত্ৰ প্ৰদৰ্শনী কৰাৰ লগতে চিত্ৰসমূহ বিক্ৰী কৰিব পাৰিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে, বিনোদনৰ কেন্দ্ৰ হিচাপে গঢ় দিয়া বাংলোটোত দৰ্শনাৰ্থীৰ বাবে প্ৰতিকী ৰূপত নৈপৰীয়া জীৱনৰ বাস্তৱ চিত্ৰ ৰখা হৈছে । মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ সমগ্ৰ পৰিৱেশ সাংবাদিকৰ আগত দাঙি ধৰে ।

লগতে পঢ়কঃ মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত মুগা সূতা উৎপাদন কেন্দ্ৰৰ শ্মশান যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.