ETV Bharat / state

Barsala Sports ground inaugurated: মহানগৰীৰ বৰছলা ক্ৰীড়া উদ্যান উদ্বোধন মন্ত্ৰী অশোক সিংঘালৰ

সোমবাৰে গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ বৰছলা বিলৰ সমীপত নৱনিৰ্মিত বৰছলা ক্ৰীড়া উদ্যানখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী অশোক সিংঘালে (Barsala Sports ground inaugurated) । প্ৰাতঃভ্ৰমণ, শৰীৰ-চৰ্চা আৰু অৱসৰ-বিনোদনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে এই উদ্যান পৰিগণিত হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

author img

By

Published : Nov 7, 2022, 9:54 PM IST

minister ashok singhal innugarted sports ground
মহানগৰীৰ বৰছলা ক্ৰীড়া উদ্যান উদ্বোধন মন্ত্ৰী অশোক সিংঘালৰ

গুৱাহাটী, 7 নৱেম্বৰ: ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে (Urban Affairs and Irrigation Minister Ashok Singhal) সোমবাৰে গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ বৰছলা বিলৰ সমীপত নৱনিৰ্মিত বৰছলা ক্ৰীড়া উদ্যানখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে (Barsala Sports ground inaugurated) ৷

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (Guwahati Metropolitan Development Authority), চমুকৈ জি এম ডি এ-ৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই উদ্যানত ধ্যান, যোগাভ্যাস আৰু বিনোদনৰ বাবে আছুতীয়া স্থান থকাৰ লগতে মুকলি মঞ্চ আৰু মুকলি ব্যায়ামাগাৰৰ সুবিধাও উপলব্ধ কৰা হৈছে (Minister Ashok Singhal inaugurated park) ৷

উদ্যানখনত ‘চক্ৰ’ আৰু ‘যন্ত্ৰ’ৰ আৰ্হিত নিৰ্মিত নক্সাত হিন্দু ধৰ্মৰ শ্ৰী বিদ্যা দৰ্শনৰ প্ৰতিফলন ঘটোৱা হৈছে ৷ ৰাজ্য চৰকাৰৰ ৫৫.৫৭ লাখ টকা পুঁজিৰে ৩৬৪.৫৫ বৰ্গমিটাৰ ভূমিত নিৰ্মিত এই উদ্যানখন স্থানীয় ৰাইজৰ প্ৰাতঃভ্ৰমণ, শৰীৰ-চৰ্চা আৰু অৱসৰ-বিনোদনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে পৰিগণিত হোৱাৰ লগতে যুৱক-যুৱতীসকলৰ ক্ৰীড়াসুলভ মানসিকতাৰ বিকাশৰ ক্ষেত্ৰতো ই যথেষ্ট সহায়ক হ’ব বুলি নিজৰ উদ্বোধনী ভাষণত মন্ত্ৰী সিংঘালে আশা প্ৰকাশ কৰে ৷

উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উপাধ্যক্ষ মুকুতা ডেকা, সমাজকৰ্মী খগেন শইকীয়া আৰু ক্ৰীড়া ভাৰতীৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মনোজ মাহান্তিৰ লগতে বিভাগৰ উচ্চপদস্থ বিষয়াসকল তথা বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: Rana Goswami on Homeopathic College: হোমিঅ’পেথিক কলেজ বন্ধ কৰাৰ পৰিৱৰ্তে নতুন পৰিকল্পনা লোৱাৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.