ETV Bharat / state

ৰাজ্যৰ লক্ষাধিক লোক খাদ্য সুৰক্ষা আঁচনিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম

author img

By

Published : Oct 5, 2021, 2:05 PM IST

আগন্তুক 31 ডিচেম্বৰৰ ভিতৰত ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড(Adhar Card)ৰ নম্বৰ সংলগ্ন কৰাৰ সময়সীমা । অসমত বহু লোকৰে নাই আধাৰ কাৰ্ড । এন আৰ চি(NRC)কে ধৰি বিদেশী ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে প্ৰায় 40 লাখ লোকে আধাৰৰ বাবে কৰিব পৰা নাই আবেদন । অসমত ‘এক দেশ এক ৰেচন কার্ড’ নীতি প্ৰযোজ্য কৰাত সমস্যাই দেখা দিছে ।

millions-of-families-in-assam-will-be-deprived-from-food-security-scheme
ৰাজ্যৰ লক্ষাধিক লোক খাদ্য সুৰক্ষা আঁচনিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম

গুৱাহাটী, 5 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনিৰ পৰা ৰাজ্যৰ লাখ লাখ লোক বঞ্চিত হোৱাৰ উপক্ৰম হৈছে । যিখন আঁচনিৰ যোগেদি ক’ভিড(Covid)ৰ সংকটপূৰ্ণ সময়ত ৰাজ্যৰ লক্ষাধিক দৰিদ্ৰ জনগণ উপকৃত হ’বলৈ সক্ষম হৈছিল । আমি ক’ব বিচাৰিছো সকলোৰে পৰিচিত খাদ্য সুৰক্ষা আঁচনি(Food Security Scheme)ৰ কথা ৷

একমাত্ৰ আধাৰ কাৰ্ড(Adhar Card) নোহোৱাৰ বাবেই এই আঁচনিখনৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে ৰাজ্যৰ বহু লোক । চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা খাদ্য সুৰক্ষা আইন(Food Security Act)ৰ অধীনত বিতৰণ হৈ থকা বিনামূলীয়া চাউলৰ পৰা হিতাধিকাৰীসকল বঞ্চিত হ’ব লাগিব ।

অন্ত্যোদয়া অন্ন আঁচনি আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ প্ৰায় আঢ়ৈ কোটি লোকে লাভ কৰি আহিছে বিনামূলীয়া চাউল । অন্ত্যোদয়া অন্ন আঁচনিত পৰিয়ালে প্ৰতি 35 কেজি আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত গৰাকীয়ে প্ৰতি 5 কেজিকৈ চাউল লাভ কৰে । ‘এক দেশ এক ৰেচন কার্ড’ সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাৰ ফলত বিনামূলীয়া চাউল লাভ কৰা হিতাধিকাৰীসকলৰ ৰেচন কাৰ্ডৰ লগত আধাৰ নম্বৰ সংলগ্ন কৰাতো অপৰিহাৰ্য হৈ পৰিছে ।

অর্থাৎ আধাৰ নম্বৰৰ লগত ৰেচন কার্ড সংলগ্ন হ’লেহে হিতাধিকাৰীয়ে বিনামূলীয়া চাউলৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত লাভ কৰা সুলভ মূল্যৰ আন সামগ্ৰী লাভ কৰিব । এক দেশ এক ৰেচন কার্ড নীতি ফলত দেশৰ যিকোনো ৰাজ্যৰ নাগৰিকে অন্য ৰাজ্যলৈ গৈ বসবাস কৰিলেও সেই ৰেচন কাৰ্ডৰ জৰিয়তে খাদ্য সুৰক্ষাৰ চাউল আৰু অন্যান্য সামগ্ৰী সুলভ মূল্যৰ দোকানৰ পৰা লাভ কৰিব ।

কিন্তু অসমত এই নীতি প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে । কাৰণ আন ৰাজ্যৰ তুলনাত অসমত বহু পলমকৈ আধাৰ নম্বৰ ব্যৱস্থা কার্যকৰী কৰা হৈছে । যাৰ ফলস্বৰূপে বহু লোকৰে নাই আধাৰ কাৰ্ড । ইফালে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ(Food and Civil Supply Department)য়ে ৰেচন কাৰ্ডৰ লগত আধাৰ সংলগ্ন কৰিবলৈ ডিচেম্বৰ মাহৰ 31 তাৰিখ সময়সীমা বান্ধি দিছে । কিন্তু অসমত বহু লোকৰে আধাৰ কাৰ্ড নথকাত সমস্যাই দেখা দিছে ।

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে, আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত আধাৰ নম্বৰ ৰেচন কাৰ্ডৰ লগত সংলগ্ন কৰাতো কোনো কাৰণতে সম্ভৱ নহয় । অর্থাৎ ডিচেম্বৰ মাহৰ পাচৰ আধাৰ সংলগ্ন নোহোৱা ৰেচন কার্ড থকা লাখ লাখ হিতাধিকাৰীয়ে চাউলকে ধৰি আন আন সামগ্ৰী লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, খাদ্য সুৰক্ষা আঁচনি বা অন্ত্যোদয়া অন্ন আঁচনিৰ হিতাধিকাৰী পৰিয়ালৰ মুৰব্বীগৰাকীৰ আধাৰ নম্বৰ থাকিলেও নহ’ব; পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ আধাৰ নম্বৰ লাগিব । অসমৰ পৰিয়ালসমূহৰ প্ৰতিগৰাকী সদস্যৰ কথা বাদেই, বহু পৰিয়ালৰ মুৰব্বীগৰাকীৰো আধাৰ নম্বৰ নাই । আনহাতে, ৰেচন কাৰ্ডৰ নম্বৰসমূহো এতিয়া সলনি হ’ব ৷ পূৰ্বতে ৰেচন কার্ডসমূহ আছিল 7 সংখ্যাযুক্ত অর্থাৎ চেভেন ডিজিটৰ ।

এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ নম্বৰৰ সংখ্যা হ’ব লাগিব 12 সংখ্যাযুক্ত অর্থাৎ টুৱেল্ভ ডিজিটৰ । ইফালে অসমত এন আৰ চি(NRC)কে ধৰি বিদেশী ন্যায়ালয়ত চলি থকা গোচৰৰ ফলত প্ৰায় 40 লাখ লোকে আধাৰৰ বাবে আবেদন জনাব পৰা নাই । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সূত্ৰটোৱে জনোৱা মতে, বর্তমানেও ৰেচন কার্ড থকা লোকৰ নাম কৰ্তনৰ কাম চলি আছে যদিও সীমিতসংখ্যক বিষয়া-কৰ্মচাৰীয়ে এটা দিনত ডেৰশ লোকৰ ওপৰত নাম কৰ্তন, পৰীক্ষণ কৰাতো সম্ভৱ নহয় ।

সেয়েহে অসমত ‘এক দেশ এক ৰেচন কার্ড’ নীতি প্ৰযোজ্যত বিলম্ব হোৱাতো নিশ্চিত হৈ পৰিছে । কেন্দ্ৰীয় চৰকাৰৰ নীতি কার্যকৰী কৰিবলৈ হ’লে আধাৰ কাৰ্ড নথকাৰ ফলত আঢ়ৈ কোটি পৰিয়ালৰ ভিতৰত সৰহসংখ্যক হিতাধিকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বিতৰণ কৰা চাউল বা অন্যান্য সামগ্ৰীৰ পৰা বঞ্চিত হ’ব লাগিব ৷

লগতে পঢ়ক : শক্তি বিভাগৰ বিৰুদ্ধে বিপজ্জনকভাৱে বিদ্যুৎ যোগান ধৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.