আজাৰা,3 জানুৱাৰীঃ দৈজিং মহোৎসৱ মানেই যেন এতিয়া নামী-দামী বলীউডৰ তাৰকাৰ সমাহাৰ ৷ দৈজিং মহোৎসৱত অংশগ্ৰহণৰ বাবে শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিং ৷
মুম্বাইৰ পৰা আহি শিল্পী গৰাকী গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে আদৰণি জনায় অনুৰাগী তথা দৈজিং মহোৎসৱৰ উদ্যোক্তাসকলে ৷ বিমানবন্দৰত উপস্থিত হৈ শিল্পী গৰাকীয়ে অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে অনুৰাগীৰ অনুৰোধত নিজৰ এটি গীত গুণগুণায় । বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ মিকা সিঙে পোনে পোনে বঙাইগাওঁলৈ ৰাওনা হৈছে ৷