ETV Bharat / state

পুনৰ বঞ্চিত থলুৱা: ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত নিলাম মধ্যাহ্ন ভোজন আঁচনি

author img

By

Published : Oct 31, 2019, 11:49 PM IST

সংকটাপন্ন ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ অন্নসংস্থান ৷ 14 বছৰে মাত্ৰ 1000 টকাত কাম কৰি অহা মধ্যাহ্ন ভোজন কৰ্মীসকলৰ ঠাই ল'ব ব্যক্তিগত প্ৰতিষ্ঠানে ৷

মধ্যাহ্ন ভোজন কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি

১ লাখ ১৭ হাজাৰ ৰন্ধনকৰ্মীৰ জীৱনৰ সৈতে খেলা কৰা সোণোৱাল চৰকাৰৰ বিৰুদ্ধে হাতে হাতে বাচন-বৰ্তন লৈ ৰাজপথত ওলাই আহিল শতাধিক মধ্যাহ্ন ভোজন কৰ্মী ৷ ৰন্ধন কৰ্মীৰ সমস্যা সমধান কৰিব পাৰিব নে শূণ্য সহনশীল চৰকাৰখনে নে এন জি অৰ গ্ৰাসত পৰি স্তব্ধ হৈ ৰ'ব ১ লাখ ১৭ হাজাৰ ৰন্ধনকৰ্মীৰ জীৱন? এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন...

ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত নিলাম মধ্যাহ্ন ভোজন আঁচনি

১ লাখ ১৭ হাজাৰ ৰন্ধনকৰ্মীৰ জীৱনৰ সৈতে খেলা কৰা সোণোৱাল চৰকাৰৰ বিৰুদ্ধে হাতে হাতে বাচন-বৰ্তন লৈ ৰাজপথত ওলাই আহিল শতাধিক মধ্যাহ্ন ভোজন কৰ্মী ৷ ৰন্ধন কৰ্মীৰ সমস্যা সমধান কৰিব পাৰিব নে শূণ্য সহনশীল চৰকাৰখনে নে এন জি অৰ গ্ৰাসত পৰি স্তব্ধ হৈ ৰ'ব ১ লাখ ১৭ হাজাৰ ৰন্ধনকৰ্মীৰ জীৱন? এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন...

ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত নিলাম মধ্যাহ্ন ভোজন আঁচনি
Intro:মধ্যাহ্ন ভোজন কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতিBody:
Anchor:: ৰাজ্যৰ এক লক্ষাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ জীৱিকা বিপদাপন্ন কৰি শিক্ষা বিভাগে হাতত লৈছে এক হঠকাৰী সিদ্ধান্ত ৷ মধ্যাহ্ন ভোজন কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দি এন জি অৰ ওপৰত অৰ্পন কৰিছে সেই দায়িত্ব ৷ সেই অনুসৰি ১ নৱেম্বৰৰ পৰা ৰাজ্যৰ বহুকেইখন জিলাত মধ্যাহ্ন ভোজন যোগান ধৰিব বহি:ৰাজ্যৰ ব্যক্তিগত প্ৰতিষ্ঠানে ৷ যি সিদ্ধান্তত জাঙুৰ খাই উঠিছে লাখ লাখ ৰন্ধন কৰ্মী ৷
VO::: ১ নৱেম্বৰৰ পৰা ৰাজ্যৰ বহু জিলাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগান ধৰিব ১৫ টা এন জি অই ৷ যাৰ পৰিপেক্ষিতত দাযিত্বৰ পৰা অব্যাহতি দিব বিগত ১৪ বছৰে কৰ্মত নিয়োজিত হৈ থকা ১ লাখ ১৭ হাজাৰ ৰান্ধনী সহায়িকা ৷ সৰ্বশিক্ষা মিছন সঞ্চালকে এক জৰুৰী বাৰ্তাযোগে ৰাজ্যৰ প্ৰায়কেইখন জিলাতে দায়িত্বপ্ৰাপ্ত এন জিই মধ্যাহ্ন ভোজন বিতৰন কৰাৰ কথা নিৰ্দেশ দিয়ে ৷ এই ১৫ এন জি অৰ ভিতৰত আছে একতা শক্তি ফাউণ্ডেচন, ঘনশ্যাম সেৱা সমিতি, নৱ প্ৰয়াস, চেন্টাৰ ফৰ নেশ্বনেল ডেভেলপমেন্ট ইনিচিয়েটিভ, মুনলাইট সংগম ক্ষেত্ৰকে প্ৰমুখ্য কৰি মুঠ ১৫ টা এন জি অ ৷ মিছন সঞ্চালকৰ এনে হঠকাৰী নিৰ্দেশৰ পাছতে জাঙুৰ খাই উঠিছে মধ্যাহ্নভোজন কৰ্মচাৰী ৷ ১৪ বছৰে কৰি অহা এই কাম কোনো প্ৰধ্যেই ব্যক্তিগত সংস্থাক এৰি নিদিয়ে বুলি তীব্ৰ হংকাৰ দিয়ে ৷
Bite:::
Vo::: সিদ্ধাৰ্থ ভট্টাচাৰ্য নেতৃত্বাধীন শিক্ষা বিভাগে লোৱা এই সিদ্ধান্তৰ বিৰুধিতাৰে বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদ সাবস্ত্য কৰিব ৰন্ধনকৰ্মীয়ে ৷ তেওঁলোকৰ স্পষ্ট কথা কোনো কাৰনতে এই সিদ্ধান্ত আমি মানি নলও ৷ হয় এন জি অ থাকিব নহলে আমি থাকিম বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷
Bite:::
Vo:: ১ হাজাৰ টকাৰ মাননীৰে বছৰ বছৰ ধৰি মধ্যাহ্ন ভোজন যোগান ধৰি অহা এই সকল কৰ্মীৰ ভৱিষ্যত কি হব? এন জি অৰ গ্ৰাসত পৰি কৰ্মহীন হৈ পৰিব নেকি? চৰকাৰে ব্যক্তিগত খণ্ডৰ লাভালাভৰ প্ৰতি গুৰুত্ব দি কিয় ৰন্ধন কৰ্মীসকলক এই অৱস্থা কৰিলে? এনে বহু প্ৰশ্নই জোকাৰি গৈছে সমগ্ৰ বিষয়টো ৷ কিন্ত ৰন্ধন কৰ্মীৰ এই ক্ষোভ কেনেদৰে চৰকাৰে মষিমূৰ কৰে সেয়া হব লক্ষনীয় ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.