ETV Bharat / state

Mid day meal workers protest: বকেয়া মাননি আদায়ৰ দাবীত বিক্ষোভ প্ৰদৰ্শন মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

গুৱাহাটীত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ ৷ বকেয়া মাননি আদায়ৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে (Demanding payment of arrears) ৷

author img

By

Published : Apr 26, 2023, 10:53 PM IST

Mid-day meal workers protest in guwahati
বিক্ষোভ প্ৰদৰ্শন মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

গুৱাহাটী, ২৬ এপ্ৰিল : সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন ৰাজ্যিক কমিটিৰ একাংশ সদস্যই বুধবাৰে সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয় প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বকেয়া মাননি আদায়ৰ দাবীত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে ।

ইউনিয়নৰ সাধাৰণ সম্পাদিকা কনকলতা দাসৰ নেতৃত্বত "বকেয়া মাননিৰ বাবেও আন্দোলন কৰিব লাগে কিয়", "মাহে ১৫ টকীয়া সামান্য মাননিও আদায় দিব নোৱৰা চৰকাৰক ধিক্কাৰ", "সময়মতে মাননিৰ ধন আদায় দিব নোৱৰা চৰকাৰ হায় হায়", "বিহু গ'ল, ঈদ গ'ল মাননি কিয় দিয়া নহ'ল" ইত্যাদি লিখা প্লেকাৰ্ড হাতে হাতে লৈ প্ৰতিবাদত নামিল মধ্যাহ্ন ভোজন কৰ্মচাৰী ৷ বিভিন্ন প্ৰতিবাদী শ্লোগান দি সংগঠনৰ নেত্ৰীসকলে শিক্ষা বিভাগটোৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে (Mid day meal workers protest in Guwahati ) ।

বিভাগীয় কৰ্তৃপক্ষই আন্দোলনকাৰী সকলৰ মাজৰ তিনিজনীয়া প্ৰতিনিধি দলক শিক্ষা সঞ্চালকৰ কোঠালৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনাই যদিও আন্দোলনকাৰী সকলোৰে লগত সঞ্চালকৰ আলোচনা বিচাৰি আঁকোৰগোজ হৈ থকাত সঞ্চালকে আটাইৰে সৈতে আলোচনাত মিলিত হ'বলৈ সম্মতি প্ৰকাশ কৰে । আলোচনা কালত সঞ্চালকগৰাকীয়ে বিহু আৰু ঈদৰ পূৰ্বে বকেয়া মাননি আদায় দিব নোৱৰাৰ বাবে খেদ প্ৰকাশ কৰে ৷

সঞ্চালকগৰাকীয়ে লগতে জনায় যে, বাকী থকা মাননিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ ইতিমধ্যেই আহিছে আৰু ৰাজ্য চৰকাৰৰ অংশ মোকোলাই দিয়াৰ লগে লগে দ্ৰুততাৰে মাননি ৰন্ধনকৰ্মীৰ বেংক একাউন্টলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব । অৱশ্যে বিষয়া গৰাকীয়ে বকেয়া মাননি আদায়ৰ কোনো সময়সীমা দিব নোৱাৰিলে । এনে দুৰ্বল আশ্বাসত নেতৃবৃন্দই অসন্তুষ্টি প্ৰকাশ কৰে আৰু বকেয়া মাননি আদায়ৰ লগতে মুখ্যতঃ 'মধ্যাহ্ন ভোজন আঁচনি ৰক্ষা' আৰু 'মাননিৰ সলনি মজুৰি'ৰ দাবীত ৰাজ্যজুৰি অহা মে' মাহৰ প্ৰথম সপ্তাহৰ পৰা আন্দোলনৰ সিদ্ধান্ত ঘোষণা কৰে (Mid day meal workers protest) ।

লগতে পঢ়ক : Pravin Togadia controversial statement: 45 কোটি হিন্দুৰ ঘৰে ঘৰে গৈ জনজাগৰণৰ প্ৰচাৰ চলাব টোগাৰীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.