গুৱাহাটী, 12 অক্টোবৰঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহ ঘেৰাও ৷ পুৱাৰে পৰা ৰান্ধনী কৰ্মীয়ে ঘেৰাও কৰি ৰাখিছে বাসগৃহ ৷ শতাধিক ৰান্ধনী কৰ্মীৰ উত্তাল প্ৰতিবাদ।
ৰাজ্যৰ বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ সমূহক অৰ্পণ কৰাৰ পিছৰে পৰা উজনিৰ পৰা নামনিলৈকে অব্যাহত আছে ৰান্ধনী কর্মী সকলৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বৰা চাৰ্ভিছস্থিত বাসগৃহ সন্মুখত উপস্থিত হৈ ৰান্ধনী কর্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত জি এছ ৰোডত বৰ্তমান সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে দাবী জনাই যে চৰকাৰে অতি শীঘ্ৰে এন জি অ সমূহক মধ্যাহ্ন ভোজনৰ দায়িত্ব পৰা অব্যাহত দি ৰান্ধনী সকলক মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰিব লাগে।