ETV Bharat / state

দুৰ্বল ৰাজকোষ: মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ সম্ভৱ হ'বনে ?

author img

By

Published : May 19, 2021, 7:31 PM IST

নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিজেপি চৰকাৰ আহিলে মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ পৰা লোৱা ঋণ পৰিশোধৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব । কিন্তু প্ৰকৃতাৰ্থত সেয়া সম্ভৱ হ'ব নে নহয় তাকলৈ এতিয়া বিভিন্ন ধৰণৰ জল্পনা কল্পনা অব্যাহত আছে । ইতিমধ্যে মাইক্ৰ'ফাইনেঞ্চকেন্দ্ৰিক সমস্ত বিষয়টো পৰীক্ষা নিৰীক্ষা কৰি এক সমাধানসূত্ৰ নিৰ্ণয়ৰ বাবে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত এখন উচ্চস্তৰীয় ‌সমিতি গঠন কৰি দিছে ।

micro finance story
মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ সম্ভৱ হ'বনে

গুৱাহাটী,১৯ মে': দিছপুৰত শাসনত বহাৰ আগে আগে অসমৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী সভাসমূহত ভাগ লৈ এতিয়াৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাসমূহৰ ভিতৰত অন্যতম এটা আছিল, যদিহে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰে তেন্তে অসমৰ গাঁৱে ভূঞে মহিলাসকলে বিভিন্ন মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ পৰা লোৱা ঋণ পৰিশোধৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব ।

দিছপুৰত চৰকাৰ হ'ল । এতিয়া আহিছে ঋণ পৰিশোধৰ বিষয়টো । অসমৰ প্ৰায় সত্তৰ শতাংশ গ্ৰামীণ মহিলাই বন্ধন, উজ্জীৱন, আৰ জি ভি এন, আৰোহণ, নাইটিংগেল, আশা আদি বিভিন্ন মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ পৰা ঋণ লৈ থৈছে । কোনো কোনো মহিলাই একে সময়তে দুটাকৈ কোম্পানীৰ পৰাও ঋণ লৈছে । ফলত এতিয়া সেই ঋণ আৰু ঋণৰ কিস্তি পৰিশোধ কৰাটো একপ্ৰকাৰ ডিঙিৰ কাইট স্বৰূপ হৈ পৰিছে ।

অলপতে যোৰহাট, শিৱসাগৰ, গোলাঘাট, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে এই পাঁচখন জিলাৰ ১৯ শতাংশ মহিলাই একেটা সময়তে দুটাকৈ মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ পৰা ঋণ লৈছে ।

ৰাজ্যৰ বিত্ত বিভাগৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে নিৰ্বাচনৰ পূৰ্বে কৰা ঘোষণা অনুসৰি মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ কথাটো কোনো কাৰণতে সম্ভৱ নহয়, বাস্তৱসন্মতও নহয় । কিয়নো, সমুদায় ঋণ মাফ কৰিবলৈ হ'লে চৰকাৰে কোম্পানীসমূহক আদায় দিব লাগিব প্ৰায় ১২ হাজাৰৰো অধিক কোটি টকা ।

মনকৰিবলগীয়া যে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰথমখন সংবাদমেলতে ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে চৰকাৰৰ ৰাজকোষত সাত হাজাৰ কোটি টকা জমা আছে । এনে ক'ভিড পৰিস্থিতিত সেইখিনি ধনেৰে ঋণ মাফ সম্ভৱ হয়নে নহয় সেয়া সহজেই অনুমেয় ।

ইতিমধ্যে মাইক্ৰ'ফাইনেঞ্চকেন্দ্ৰিক সমস্ত বিষয়টো পৰীক্ষা নিৰীক্ষা কৰি এক সমাধানসূত্ৰ নিৰ্ণয়ৰ বাবে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত এখন উচ্চস্তৰীয় ‌সমিতি গঠন কৰি দিছে । সেই সমিতিৰ বৈঠক এতিয়াও অনুষ্ঠিত হোৱা নাই । সেই‌ সমিতিয়েহে সিদ্ধান্ত ল'ব কি হ'ব ইয়াৰ শেষ উপায় । অৱশ্যে সমুদায় ঋণৰ পৰিবৰ্তে যদি চৰকাৰে কেৱল সুদ মাফ কৰি দিয়ে তেন্তে তাৰ বাবেও বিত্ত বিভাগক অতিৰিক্তভাবে চাৰি হাজাৰ কোটি টকাৰ প্ৰয়োজন হ'ব বুলি একেটা সূত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:বিধায়ক তৰংগ গগৈৰ আহ্বানত নাহৰকটীয়াত পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.