ETV Bharat / state

বহিঃৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিকলৈ এসপ্তাহৰ ভিতৰত এনৰেগাৰ কাম !

author img

By

Published : May 22, 2020, 8:01 PM IST

বহিঃৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিকসকলক চৰকাৰে এসপ্তাহৰ ভিতৰত এম জি এনৰেগাৰ কাম দিয়া হ’ব ৷ লগতে কোভিড-19 ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনৰেগাৰ কামত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে ৷ শুকুৰবাৰে বি টি আৰ অঞ্চলৰ 4খন জিলাৰ এক পৰ্যালোচনা বৈঠকত ভাগ লৈ মন্তব্য কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ৷

মন্ত্ৰী নৱ দলেৰ বৈঠক
মন্ত্ৰী নৱ দলেৰ বৈঠক

গুৱাহাটী, ২২ মে’: শুকুৰবাৰে বি টি আৰ অঞ্চলৰ চাৰিওখন জিলাত চলি থকা এনৰেগাৰ কামৰ এক পৰ্যালোচনা বৈঠকত ভাগ লয় ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ৷ এই বৈঠকত মন্ত্ৰী দলেসহ মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰিহণ দৈমাৰী আৰু ভৱেশ কলিতাও উপস্থিত থাকে ৷ বৈঠকত মন্ত্ৰী দলে জানিবলৈ দিয়ে যে, বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা যিসকল শ্ৰমিকে এম জি এনৰেগাৰ কাম কৰিব বিচাৰে তেওঁলোকক এসপ্তাহৰ ভিতৰত চৰকাৰে কামৰ ব্যৱস্থা কৰি দিব আৰু 15 দিনৰ ভিতৰত তেওঁলোকক মজুৰিও আদায় দিয়া হ’ব । কিয়নো বহিঃৰাজ্যৰ পৰা উভতি অহা শ্ৰমিকসকলৰ যিসকলে ইচ্ছা কৰে তেওঁলোকক এনৰেগাৰ কাম দিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী দলে আৰু কয় যে, কোভিড-19 ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনৰেগাৰ কামত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে ।

মন্ত্ৰী নৱ দলেৰ বৈঠক

অৱশ্যে ইয়াৰ বাবে প্ৰতিজন শ্ৰমিকে সামাজিক দুৰত্ব মানি চলাৰ পৰা আৰম্ভ কৰি সকলোখিনি সাৱধানতা মানি চলিব লাগিব । ৰাজ্যত বৰ্তমান প্ৰায় 51 লাখ জবকাৰ্ডধাৰী পঞ্জীয়নভূক্ত শ্ৰমিক আছে যদিও ইয়াৰে 27 লাখ শ্ৰমিকহে সক্ৰিয় হৈ আছে । ইতিমধ্যে সকলো সাৱধানতা মানি এনৰেগাৰ কাম ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰা হৈছে । এনৰেগাৰ শ্ৰমিকৰ দৈনিক মজুৰিও শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে । পূৰ্বতে দৈনিক 193 টকা মজুৰি আছিল যদিও বৰ্তমান 213 টকালৈ ইয়াক বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰী নৱ দলে জানিবলৈ দিয়ে ।

মন্ত্ৰী নৱ দলেৰ বৈঠক

আনহাতে, শেহতীয়াকৈ ৰাজ্যৰ আত্মসহায়ক গোটসমূহে প্ৰায় 65 লাখ মাস্ক প্ৰস্তুত কৰি প্ৰায় 8 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ পঞ্চায়তৰ বিভিন্ন কামৰ বাবে 40 হাজাৰ কোটি টকা ঘোষণা কৰিছে । ইয়াৰে এটা ভাল অংক অসমে লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: কানৈ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.