গুৱাহাটী, ১৬ ছেপ্তেম্বৰ: ১৭ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে ৰাজ্যত অনুষ্ঠিত কৰিবলগীয়া ক'ভিডৰ মহা টিকাকৰণ অভিযানৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলাত এই অভিযানত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে দিনটোত ৭৫ হাজাৰ লোকক দ্বিতীয় পালি ক'ভিড ভেকচিন প্ৰদান কৰা ।
মহা টিকাকৰণ অভিযানৰ প্ৰস্তুতি তথা কাৰ্যকৰী ব্যৱস্থাৰ বুজ ল'বলৈ বৃহস্পতিবাৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা মহা টিকাকৰণৰ অভিভাৱক সচিব পৱন বৰঠাকুৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিশ্বজিৎ পেগু, গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, এম পি ডব্লিউ, বি এল অ'সকলৰ লগত এখন বৈঠকত মিলিত হয় ।
![গুৱাহাটীত একেদিনাই ৭৫ হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-mega-vaccination-dc-meeting-7209925_16092021182021_1609f_1631796621_920.jpg)
লগতে পঢ়কঃ দালালৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
সভাত বক্তব্য ৰাখি অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে জিলাখনৰ চুকে-কোনে প্ৰথম পালি লোৱাৰ ৮৪ দিন সম্পূৰ্ণ কৰা সকলো লোকে শুকুৰবাৰে কভি'ডৰ দ্বিতীয় পালি টিকা গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনায় । ইয়াৰ পিছতে তেওঁ কেবাটাও টিকা প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি ব্যৱস্থাৱলীৰ বুজ লয় ।
![গুৱাহাটীত একেদিনাই ৭৫ হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-mega-vaccination-dc-meeting-7209925_16092021182021_1609f_1631796621_894.jpg)
উল্লেখযোগ্য যে, বিগত ২১ জুনৰ পৰা ২৩ জুনলৈ সমগ্ৰ ৰাজ্যত অনুষ্ঠিত কৰা মেগা টিকাকৰণ অভিযানত টিকা গ্ৰহণ কৰা লোকসকলে ইতিমধ্যে ৮৪ দিন সম্পূৰ্ণ কৰি দ্বিতীয় পালি গ্ৰহণ কৰিব পৰা হ'ব । আনহাতে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক'ভিড টিকা গ্ৰহণৰ পৰা জিলাখনৰ কোনো লোক যাতে বাদ পৰি যাব নোৱাৰে, তাৰবাবে নিৰ্বাচনৰ ভোট কেন্দ্ৰ অনুসৰি প্ৰতিজন ব্যক্তিৰ সৈতে স্বাস্থ্যকৰ্মী সকলে প্ৰত্যক্ষ যোগাযোগৰ ব্যৱস্থা কৰি ভেকচিন প্ৰদান কাৰ্যকৰী কৰিছে ।
লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ ওপজা দিন পালনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জাকিৰ হুছেইন শিকদাৰৰ