ETV Bharat / state

Gandhi Ghar at Sarania Hill: গুৱাহাটীৰ ‘গান্ধী ঘৰ’ত আজিও আছে মহাত্মা গান্ধীৰ মাদকতা - গুৱাহাটীৰ শৰণীয়া পাহাৰত আছে গান্ধী ঘৰ

আজিও গুৱাহাটীৰ শৰণীয়া পাহাৰত আছে গান্ধী ঘৰ ৷ ১৯৪৬ চনৰ ৯ জানুৱাৰীত অসমলৈ আহি এই ঘৰটোতে থাকিছিল মহামানৱ মহাত্মা গান্ধীয়ে ৷ সেই তেতিয়াৰ পৰাই আহিও নিজৰ ঐতিহ্য বৰ্তি আছে গান্ধী ঘৰৰ ৷

Gandhi Ghar at Sarania Hill
Gandhi Ghar at Sarania Hill
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 6:04 AM IST

‘‘গান্ধী ঘৰ’’ত আজিও আছে মহাত্মা গান্ধীৰ মাদকতা

গুৱাহাটী, ২ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত শৰণীয়া পাহাৰ ৷ এই শৰণীয়া পাহাৰৰ লগত মহামানৱ মহাত্মা গান্ধীৰ আছে এক অটুট সম্পৰ্ক ৷ কিয়নো এটা সময়ত এই শৰণীয়ালৈ আহিছিল মহামানৱ মহাত্মা গান্ধী ৷

১৯৪৬ চনৰ কথা ৷ ১৯৪৬ চনত অসমলৈ আহিছিল মহাত্মা গান্ধী । ১৯৪৬ চনত গান্ধীৰ আগমণক লৈ প্ৰস্তুতি চলিছিল l গান্ধীজী থাকিবৰ বাবে বাঁহ-খেৰেৰে এটা ঘৰ সাজি উলিওৱা হৈছিল । সেইমৰ্মে শৰণীয়া পাহাৰৰ উক্ত বাঁহ-খেৰৰ ঘৰটোত ১৯৪৬ চনৰ ৯ জানুৱাৰীত পদাৰ্পণ কৰিছিল মহাত্মা গান্ধীয়ে ৷

তাৰ পাচত সেই মাহৰে ১০, ১১ তাৰিখে উক্ত ঘৰটোত থাকি ১২ তাৰিখ বিয়লি তেওঁ গুৱাহাটীৰ পৰা বিদায় লয় । শৰণীয়া পাহাৰৰ সেই ঘৰটোত থকা দিনকেইটাত এক সুন্দৰ বাতাবৰণ সৃষ্টি হৈছিল । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকক মহাত্মা গান্ধীয়ে শৰণীয়া পাহাৰৰ সেই ঘৰটোতে লগ কৰিছিল ৷ লগতে কেবাখনো সভা বহিছিল ।

মহাত্মা গান্ধীয়ে সেইকেইটা দিন পুৱাৰ প্ৰাৰ্থনা আৰু গান্ধী ঘৰৰ ওচৰতে থকা এজোপা গছৰ তলতে বহি সূতা কাটিছিল । সেই তেতিয়াৰ পৰাই এই পৰম্পৰা অব্যাহত আছে ৷ বৰ্তমানো গান্ধী ঘৰৰ লগতে আছে সেই গছজোপা । গান্ধী ঘৰত পুৱা প্ৰাৰ্থনাৰ লগতে এতিয়াও সূতা কটা হয় ।

মহাত্মা গান্ধীয়ে ১৯৪৬ত সাত গৰাকী বিদ্যাৰ্থীৰে অসম প্ৰাদেশিক কস্তুৰবা গ্ৰাম্য সেৱিকা বিদ্যালয়খন আৰম্ভ কৰিছিল । বিদ্যালয়খনৰ আৰম্ভণিৰ পৰা ডাঃ হৰি কৃষ্ণ দাস, ডাঃ ভূৱনেশ্বৰ বৰুৱা, অমল প্ৰভা দাস, ডাঃ তিলোত্তমা ৰায়চৌধুৰী শিক্ষাগুৰু ৰূপে আছিল ।

কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ অধীনত উত্তৰ পূবত বৰ্তমান ২০ টা শাখা আছে । শৰণীয়া পাহাৰত বৰ্তমান অসম প্ৰাদেশিক কস্তুৰবা গ্ৰাম্য সেৱিকা বিদ্যালয় আৰু ট্ৰাষ্টৰ অসম শাখাৰ কাৰ্যালয় অৱস্থিত । কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ অসম শাখাৰ প্ৰতিনিধি বিউটি দাসে জানিবলৈ দিয়া অনুসৰি, শৰণীয়ালৈ আহি মহাত্মা গান্ধীয়ে থকা ঘৰটোত গান্ধীৰ আদৰ্শৰে এতিয়াও প্ৰাৰ্থনা কৰা হয় ৷ সূতা কটা হয় ।

পূৰ্বতে ট্ৰাষ্টৰ প্ৰায় ৩ হাজাৰ কৰ্মী আছিল । বৰ্তমান ৫২ গৰাকী কৰ্মী আছে ‌। ক’ভিডৰ পিচত কৰ্মী সংখ্যা কমিছে । নতুন প্ৰজন্ম আকৰ্ষণ কৰিবলৈ কামৰ পদ্ধতি সলনি কৰাৰ চিন্তা কৰা হৈছে ।

লগতে পঢ়ক : Asian Games 2023: ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে অসমৰ অম্লানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.