গুৱাহাটী,৩ জুন : অসমত বসবাস কৰা ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু শিখ সম্প্ৰদায়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ লোকসকলৰ সমস্যা সমাধান কৰি তেওঁলোকক সুৰক্ষা প্ৰদানৰ দাবীৰে বৃহস্পতিবাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাক জনগোষ্ঠীয় সমন্বয় পৰিষদে স্মাৰকপত্ৰ প্ৰদান কৰে । এই সন্দৰ্ভত পৰিষদৰ মুখ্য আহ্বায়ক চৈয়দ মুমিনুল আৱালে কয় যে, অবৈধ প্ৰব্ৰজনৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে ।
এই প্ৰব্ৰজনকাৰী সকলক বিতাৰণৰ দাবীতেই ঐতিহাসিক অসম আন্দোলনৰ সূচনা হৈছিল । আন্দোলনৰ পৰিণতিত স্বাক্ষৰিত হোৱা অসম চুক্তিত প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ জনগোষ্ঠীসমূহক সাংবিধানিক,ৰাজনৈতিক,সামাজিক, সাংস্কৃতিক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ৬ নং দফা সন্নিবিষ্ট কৰা হৈছিল । কিন্তু এই দফা অদ্যপি কাৰ্যকৰী হোৱা নাই ।
তেওঁ লগতে কয় যে অসম চুক্তিৰ ৬ নং দফাৰ সফল ৰূপায়ণে চুক্তিৰ মূল লক্ষ্যত উপনীত হোৱাত সহায়ক হ’ব । স্মাৰক পত্ৰখনৰ জৰিয়তে সমন্বয় পৰিষদে দুটা দাবী উত্থাপন কৰে । পৰিষদে অসমত উচ্চ সদন গঠনৰ দাবী উত্থাপন কৰে । আনহাতে অসম বিধানসভাৰ ১২৬ খন আসনেই ৰাজ্যখনৰ তালিকাভুক্ত জনগোষ্ঠীসমূহৰ বাবে সংৰক্ষণ কৰাৰ দাবী জনাই পৰিষদে ।
লগতে পঢ়ক:গো-মাফিয়া খাইৰুল ইছলামক আদালতত হাজিৰ