গুৱাহাটী, ১৮ ডিচেম্বৰ : অপৰাধীক উদ্দেশ্যি দিশপুৰ আৰক্ষীৰ গুলীচালনা (Dispur Police Firing) ৷ ঘটনাৰ স্থান গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী ৷ শুকুৰবাৰে নিশা পাঞ্জাবাৰীত সংঘটিত এই ঘটনাত (Police firing in Guwahati) আহত হৈছে ইৰাণী গ্ৰুপৰ এজন সদস্য ৷ আহত ইৰাণী গ্ৰুপৰ সদস্যজনৰ নাম অমৰ গোৱালা ৷
দিশপুৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ১৫ ডিচেম্বৰত চুপাৰ মাৰ্কেটৰ পৌৰ নিগমৰ সমীপতে সংঘটিত হৈছিল এক ধন লুটৰ ঘটনা ৷ যি ঘটনাৰ আলমত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অমৰ গোৱালা নামৰ ব্যক্তিজনক । এই ধন লুটৰ ঘটনাৰ সূত্ৰ বিচাৰি শুকুৰবাৰে নিশা দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীলৈ লৈ গৈছিল অমৰক ৷
কিন্তু তাত ঘটে অঘটন ৷ আন্ধাৰৰ সুযোগ লৈ অমৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰে ৷ উপায়ন্তৰ হৈ অমৰ গোৱালাক গুলীয়াবলৈ বাধ্য হয় দিছপুৰ আৰক্ষী ৷ ফলত ভৰিত গুলী লাগে অমৰৰ ৷
বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (Gauhati Medical College Hospital) ত চিকিৎসাধীন হৈ আছে অভিযুক্তগৰাকী ৷ আনকি শুকুৰবাৰৰ এই গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে দিছপুৰ থানাৰ দুগৰাকী আৰক্ষী ৷
তথ্য অনুসৰি, ১৫ ডিচেম্বৰত সংঘটিত প্ৰায় ৩ লাখ ৩৫ হাজাৰ টকা লুট কৰাৰ ঘটনাটোত অমৰৰ সৈতে জড়িত আছে আৰু তিনিজন ব্যক্তি ৷ তেওঁলোকৰ সন্ধানত আৰক্ষীয়ে চলাই আছে অভিযান ৷ এই চাৰিজনীয়া ইৰাণী গ্ৰুপটোৱে ঝাৰখণ্ডৰ পৰা অসমলৈ আহিছিল বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Goalpara Police Firing: আৰক্ষীৰ গুলীত আহত ম’ষ্ট ৱান্টেড জাকাৰীয়া