ETV Bharat / state

লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ বিশাল এয়াৰ শ্ব' - CM Himanta Biswa Sarma

ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কৰে এক বিশাল এয়াৰ শ্ব' (Mega Air show at Lachit ghat in Guwahati) । ৯জনীয়া এৰোবেটিক দলটোৰ ৩ নম্বৰৰ বিমানত থাকে অসম পুত্ৰ উইং কামাণ্ডাৰ ৰূপম বৰদলৈ ৷

air
air
author img

By

Published : Sep 27, 2022, 1:49 PM IST

Updated : Sep 27, 2022, 3:42 PM IST

গুৱাহাটী, ২৭ ছেপ্টম্বৰ : 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি অসম চৰকাৰৰ সহযোগত ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে (Indian Army Eastern Air Command) গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কৰে এক বিশাল এয়াৰ শ্ব' (Mega Air show at Lachit ghat in Guwahati) ।

মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা ৯ জনীয়া এটা দলে প্ৰায় আধাঘণ্টা সময় আকাশ মাৰ্গত তেওঁলোকৰ কলা প্ৰদৰ্শন কৰে । এই বিশাল এয়াৰ শ্ব'ৱে দৰ্শকক মনোৰঞ্জন প্ৰদানৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় বায়ুসেনাৰ প্ৰতি আগ্ৰহী কৰি তোলে । ভাৰতীয় বায়ুসেনাৰ বিখ্যাত সূৰ্যকিৰণ এৰোবেটিক ডিছপ্লে' যিটো SKAT নামেৰে জনাজাত (Surya Kiran Aerobatic Team), ৯ খন অত্যাধুনিক বিমানৰ এৰোবেটিক দলে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে আকৰ্ষণীয় এয়াৰ শ্ব’ অনুষ্ঠিত কৰে ।

লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ বিশাল এয়াৰ শ্ব'

৯জনীয়া এৰোবেটিক দলটোৰ ৩ নম্বৰৰ বিমানত থাকে অসম পুত্ৰ উইং কামাণ্ডাৰ ৰূপম বৰদলৈ (wing commander Rupam Bordoloi from Assam) ৷ তেজপুৰ বিমানবন্দৰৰ পৰা উৰা মাৰে সূৰ্য কিৰণ এৰোবেটিক দলটোৰ যুদ্ধ বিমান ৷ ঘণ্টাত প্ৰায় ৪৫০ কিলোমিটাৰ গতিত উৰে বিমানকেইখন । উক্ত অনুষ্ঠানতত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) । আনহাতে, ৰূপম বৰদলৈৰ পিতৃ-মাতৃও উক্ত অনুষ্ঠানত উপস্থিত থাকে ।

উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ সমগ্ৰ বিশ্বৰ একমাত্ৰ নখন বিমান গঠন এৰোবেটিক দলৰ ভিতৰত অন্যতম । ১৯৯৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু বিগত ২৫ বছৰ ধৰি বিমান এৰোবেটিক্স প্ৰদৰ্শন কৰি আহিছে । ইতিমধ্যে স্কোৱাড্ৰনে বিগত ১৬ ছেপ্টেম্বৰত ভুৱনেশ্বৰ আৰু ১৮ ছেপ্টেম্বৰত পুৰীৰ ব্লু ফ্লেগ বীচত সাহসী আৰু শ্বাসৰুদ্ধকাৰী আকাশী কৌশল প্ৰদৰ্শন কৰিছিল ।

গুৱাহাটীৰ পাছতেই অহা ৮ অক্টোবৰত চণ্ডীগড় আৰু ১৪ অক্টোবৰত বেৰেলীত আকাশী কৌশল প্ৰদৰ্শন আগবঢ়াব ।

লগতে পঢ়ক :PFI ৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান: অসমত গ্ৰেপ্তাৰ হ’ল PFI ৰ ২৫ নেতা-কৰ্মী

Last Updated : Sep 27, 2022, 3:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.