গুৱাহাটী, 9 ডিচেম্বৰ : শিলসাঁকোৰ সমান্তৰালকৈ ন ৰূপেৰে উদ্ভাসিত হ’ব গুৱাহাটী মহানগৰীৰ অন্যতম জলাশয় দীপৰ বিল ৷ দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ কলৰৱৰে মুখৰিত দীপৰ বিলৰ চাৰিওফালে মথাউৰি নিৰ্মাণ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ৷ উক্ত মথাউৰিটোৰ ওপৰতে থাকিব চাইকেল ট্ৰেক, পদপথ ৷
![Deepar Beel Wildlife Sanctuary](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-12-2023/20228580_pijush-news.jpg)
উল্লেখ্যে যে, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত দীপৰ বিল সংক্ৰান্তীয় এখন বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে ৷ বৈঠকতে গুৱাহাটীৰ পাৰিপাৰ্শ্বিক পৰিৱেশ নিয়ন্ত্ৰিত কৰি ৰখাৰ অন্যতম উৎস দীপৰ বিলক সুৰক্ষিত কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বদ্ধপৰিকৰ বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷ সেয়ে বিষয়াসকলক দীপৰ বিলৰ চাৰিওকাষে মথাউৰি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক অধ্যয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, বিলখনৰ ঐতিহ্য, সৌন্দৰ্য তথা ইয়াৰ স্বকীয়তা ৰক্ষা কৰি দীপৰ বিলক কেন্দ্ৰ কৰি এক পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলাৰ বাবে সৌন্দৰ্য্যবৰ্ধন কৰাৰ লগতে চাৰিওকাষে মথাউৰি নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰি আছে ৷ বিলখনৰ চাৰিওফালে পদ পথ, চাইকেল ট্ৰেক আদিৰ লগতে বিলখনক সুন্দৰকৈ সজাই তাত নাও চলোৱা আদি সুবিধা কৰাৰ বিষয়েও চিন্তা কৰি থকা হৈছে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ৷
আজিৰ পৰ্যালোচনা বৈঠকতে মন্ত্ৰী গৰাকীয়ে বিভাগীয় অভিযন্তাক জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে যুটীয়াভাৱে মিলি বিলৰ চাৰিওদিশে কৰিবলগীয়া নিৰ্মাণ কাৰ্যৰ ভূমিৰ কামসমূহৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ পৰ্যায়ক্ৰমে দীপৰ বিলৰ চাৰিওদিশে মাটিৰ কামসমূহ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷ এই বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ চলি থকা কামসমূহৰো অগ্ৰগতিৰ বুজ লয় ৷
লগতে পঢ়ক : গুৱাহাটীৰ বাণিজ্য মেলাত পিষ্টলধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ, লুটি নিলে লক্ষাধিক টকা