গুৱাহাটী, 7 এপ্ৰিলঃ অহা ৯ তাৰিখে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ শ্ব'বে বৰাত । এই পৱিত্ৰ দিনটোত ইছলাম ধৰ্মাৱলম্বী লোকসকল মছজিদত একগোট হৈ বিশ্বশান্তিৰ উদ্দেশ্যে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে । কিন্তু এইবাৰ কৰ'ণা ভাইৰাছৰ ভয়াৱহতা আৰু লক ডাউনৰ প্ৰতি লক্ষ্য ৰাখি নিজ-নিজ ঘৰতে পালন কৰা হ'ব শ্ব'বে বৰাত । উক্ত দিনটোত নিজ নিজ ঘৰতে থাকি সকলোকে শ্ব'বে বৰাত পালন কৰিবলৈ আহ্বান জনায়, কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰুদ্দিন আহমেদ কাছিমীয়ে । লগতে ৰাইজক চৰকাৰ-প্ৰশাসনৰ সকলো নীতি নিয়ম মানি চলিবলৈও আহ্বান সভাপতি গৰাকীৰ ।
লগতে পঢ়কঃ COVID-19: হেপাঁহৰ বিহুৱানখনিত প্ৰৱেশ নিসিদ্ধৰ জাননী...