ETV Bharat / state

মটক জনগোষ্ঠীক অতিশীঘ্ৰেই জনজাতীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

মটক জনগোষ্ঠীক অতিশীঘ্ৰেই জনজাতীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ লগতে দীৰ্ঘদিনিয়া দাবী সমূহ পূৰণ কৰাৰ দাবীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত মঙলবাৰে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ।

মটক জনগোষ্ঠীক অতিশীঘ্ৰেই জনজাতীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ
মটক জনগোষ্ঠীক অতিশীঘ্ৰেই জনজাতীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ
author img

By

Published : Dec 29, 2020, 4:54 PM IST

গুৱাহাটী,29 ডিচেম্বৰঃ মটক জনগোষ্ঠীক অতিশীঘ্ৰেই জনজাতীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ লগতে দীৰ্ঘদিনিয়া দাবী সমূহ পূৰণ কৰাৰ দাবীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত মঙলবাৰে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন । উল্লেখযোগ্য যে, অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনাও চচলৰ ধৰ্ণাস্থলী উত্তাল কৰি তোলে বিভিন্ন দল সংগঠনে ।

মটক জনগোষ্ঠীক অতিশীঘ্ৰেই জনজাতীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

প্ৰতিবাদী সকলে বিজেপি চৰকাৰ মুর্দাবাদ, সৰ্বানন্দ সোণোৱাল গ’ বেক, মুখ্যমন্ত্ৰীৰ কাম নাই, নৰেন্দ্ৰ মোদী মিছলীয়া, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, অসম চৰকাৰ হুচীয়াৰ, মটক জনগোষ্ঠীক অতী শীঘ্ৰে জনজাতি কৰণ প্ৰদান কৰক, মটক সকলক স্বায়ত্ব পৰিষদ দিয়ক, ছাত্ৰ- ছাত্ৰীক চৰকাৰী সা- সুবিধা দিয়ক আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে ধৰ্ণা স্থলী উত্তাল কৰি তোলে ।

উল্লেখ্য যে, ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজোকোপটি সেই আশ্বাস কাৰ্যত পৰিণত নোহোৱাত ক্ষুদ্ধ হৈ পৰে সদৌ অসম মটক যুৱ ছাত্র সন্মিলন । দেশৰ প্ৰধানমন্ত্ৰী এগৰাকী যে মিছলীয়া কথা কোৱাত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সন্মিলনৰ সাধাৰণ সম্পাদক ধৰণী গোঁহায়ে । আনহাতে প্ৰতিবাদৰ অন্তত সন্মিলনে আৰক্ষীৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়কঃ শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.