গুৱাহাটী, 20 ছেপ্তেম্বৰ : বাঘজানৰ ক্ষতিগ্ৰস্ত সকলক উচিত ক্ষতিপূৰণৰ দাবীত বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ । দেওবাৰে বাঘজান কাণ্ডকলৈ পুনৰ মহানগৰৰ ৰ'টাৰী ক্লাৱত অসম জনতা দলে প্ৰতিবাদ সাব্যস্ত কৰে । অতিশীঘ্ৰে অসম জনতা দলে বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণৰ দাবী জনাইছে অন্যথা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে ৷
উল্লেখ্য যে, বাঘজান অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ দিবৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও চৰকাৰে আজি পৰ্যন্ত তেওঁলোকক ক্ষতিপূৰণ দিবলৈ সক্ষম হোৱা নাই ৷
অভিযোগ অনুসৰি, বাঘজানবাসীয়ে এতিয়াও অনাহাৰে দিন কটাবলগীয়া হৈছে । চৰকাৰে ক্ষতিগ্ৰস্ত সকলৰ জৰীপ চলাই আছে যদিও আজি পৰ্যন্ত ক্ষতিগ্ৰস্ত সকলৰ মূল তালিকা প্ৰকাশ কৰিব নোৱাৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে ৷
গতিকে, অসম জনতা দলে অনতিপলমে ৰাজ্য চৰকাৰে অইল কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰিলে ইয়াৰ ভয়ংকৰ পৰিণতি ভোগ কৰিব লাগিব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰিছে ৷
লগতে পঢ়ক : গড়কাপ্তানি পথে জ্বলা-কলা খুৱাইছে টীয়কবাসীক