ETV Bharat / state

মোদীয়ে পুৰণা আইনেৰে দেশৰ উন্নতি নহয় বুলি কৈ নতুন আইন প্ৰৱৰ্তন কৰিছেঃ চিটু - ৰাজনৈতিক দল

কৰ'ণাৰ সুযোগ লৈ মোদী চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে ৷ অগণতান্ত্ৰিকভাৱে প্ৰণয়ন কৰিছে তিনিখনকৈ কৃষি বিৰোধী আইন ৷ এই প্ৰশ্ন চিপিআইএমৰ নেতৃবৃন্দৰ ৷

massive-protest-in-ghy
মোদীয়ে পুৰণা আইনেৰে দেশৰ উন্নতি নহয় বুলি কৈ নতুন আইন প্ৰৱৰ্তন কৰিছেঃ চিটু
author img

By

Published : Dec 8, 2020, 10:58 PM IST

গুৱাহাটী, 8 ডিচেম্বৰ : কৰ'ণাৰ সুযোগ লৈ মোদী চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে ৷ অগণতান্ত্ৰিকভাৱে প্ৰণয়ন কৰিছে তিনিখনকৈ কৃষি বিৰোধী আইন ৷ মোদীয়ে পুৰণা আইনেৰে দেশৰ উন্নতি নহয় বুলি কৈ নতুন আইন প্ৰৱৰ্তন কৰিছে ৷ কিন্তু নতুন আইন প্ৰৱৰ্তন কৰি মোদীয়ে কাক লৈ দেশ চলাব ? এই প্ৰশ্ন চিপিআইএমৰ নেতৃবৃন্দৰ ৷

মঙলবাৰে 13 দিনত ভৰি দিলে দিল্লীৰ কৃষক বিদ্ৰোহ ৷ ইতিমধ্যে. দিল্লীৰ কৃষক বিদ্ৰোহত কৰুণ মৃত্যুক সাৱটিছে তিনিজনকৈ কৃষকে ৷ দিল্লীৰ কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই মঙলবাৰে 12 ঘন্টীয়া ভাৰত বন্ধৰ আহ্বান জনাইছিল 250 টাৰো অধিক কৃষক সংগঠনে ৷

কৃষক সংগঠন সমূহৰ এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই অসম ৰাজ্যিক কৃষক সভা, চি আই টি ইউ, এছ এফ আই আদি বিভিন্ন বাঁওপন্থী সংগঠনৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহে ৷ মঙলবাৰৰ এই বন্ধৰ সমৰ্থনত আৰু কৃষি আইন প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে বামপন্থী সংগঠন সমূহে ৷

লগতে পঢ়ক : মৰিগাঁৱত বিপদাপন্ন অৱস্থাত শীতৰ পখী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.