ETV Bharat / state

জালুকবাৰীত অগ্নিকাণ্ড: নিমিষতে ছাৰখাৰ 4 টা বাসগৃহ - জালুকবাৰীত অগ্নিকাণ্ড: নিমিষতে ছাৰখাৰ 4 টাকৈ ঘৰ

শ্বৰ্ট চাৰ্কিটৰ ফলত শনিবাৰে পুৱাৰ ভাগত জালুকবাৰীৰ ফুলপাহী নগৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় 4 টা বাসগৃহ ৷

নিমিষতে ছাৰখাৰ 4 টাকৈ ঘৰ
নিমিষতে ছাৰখাৰ 4 টাকৈ ঘৰ
author img

By

Published : Jul 18, 2020, 1:46 PM IST

গুৱাহাটী, 18 জুলাই: শনিবাৰে মহানগৰীৰ জালুকবাৰীৰ অন্তৰ্গত ফুলপাহী নগৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত নিমিষতে জুইত জাহ যায় প্ৰায় 4 টা বাসগৃহ ৷ স্থানীয় চান্দ মামুদ নামৰ এগৰাকী লোকৰ ঘৰত থকা ভাৰাতীয়াৰ ঘৰৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ড ৷ লক্ ডাউনৰ বাবে ভাৰাতীয়া লোকসকল নিজ নিজ ঘৰলৈ গুছি যায় ৷ যাৰ বাবে শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

জালুকবাৰীত অগ্নিকাণ্ড: নিমিষতে ছাৰখাৰ 4 টাকৈ ঘৰ

জুইৰ লেলিহান শিখাই নিমিষতে ছাৰখাৰ কৰে অগ্নি সংযোগ হোৱা আটাইকেইটা ঘৰৰে প্ৰায় 50 টাকৈ কোঠা ৷ আনহাতে অগ্নিকাণ্ডৰ ফলত হোৱা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়াৱহ হৈ পৰে পৰিস্থিতি ৷ স্থানীয় লোকে পাৰ্যমানে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও, পৰৱৰ্তী সময়ত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় ঘটনাস্থনীত ৷ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ এই দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হ'লগৈ 21,864 গৰাকী, এদিনতে আক্ৰান্ত 1218 গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.