গুৱাহাটী, 24 ফেব্ৰুৱাৰী: মহানগৰীৰ হাটীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা (Massive fire in Guwahati) ৷ হাটীগাঁও চাৰিআলিৰ অজন্তা পথৰ ৰিজু আলী নামৰ ব্যক্তিজনৰ ভাৰাতীয়া আবাসীক চৌহদত সূত্ৰপাত হয় জুইৰ ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় শতাধিক বাসগৃহ ৷
প্ৰত্যক্ষদৰ্শীৰ মতে নিশা প্ৰায় 11 বজাত এটা ভাৰাঘৰৰ পৰা সূত্ৰপাত হয় এই জুইৰ ৷ ফলত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় হুৱাদুৱাৰ ৷ এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে, মূহুৰ্তৰ ভিতৰতে জুইৰ লেনিহান শিখাই ছানি ধৰে সমগ্ৰ আবাসীক এলেকাটো (Fire broke out at Hatigaon) ৷
চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত অগ্নিকাণ্ডই লয় অতি ভয়াৱহৰূপ ৷ বিস্ফোৰণ ঘটে প্ৰায় 15 টাকৈ চিলিণ্ডাৰ ৷ লগতে জুইত জাহ যায় দুখনকৈ চাৰিচকীয়া বাহন ৷ অগ্নিকাণ্ডৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় 15 খন বাহন ৷ লগতে ঘটনাস্থলীত উপস্থিত হয় গুৱাহাটী মহানগৰীৰ উপ আৰক্ষী আয়ুক্ত সুৰজিৎ সিং পানেছৰ (Surajit Singh Panesar) ৷
বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহনীৰ দলটো (Massive fire breaks out in Guwahati) ৷ কিন্তু কিহৰ বাবে এই বিধ্বংসী জুইৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ ইফালে, সমগ্ৰ পৰিৱেশ তদাৰক কৰি আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছৰে কয় যে, ‘‘এতিয়ালৈকে আমি কিমান ক্ষয়ক্ষতি হৈছে সেয়া বিতংকৈ ক’ব নোৱাৰো, তদন্তৰ পাচতহে সকলোখিনি পোহৰলৈ আহিব ৷’’
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও এটা ভাৰাঘৰৰ চিলিণ্ডাৰৰ বিস্ফোৰণৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে একাংশ লোকে ৷ এই অগ্নিকাণ্ডৰ ঘটনাত সামান্য পৰিমাণে দুই এজন লোক আহত হয় যদিও কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই ৷ আনহাতে, জুইত কেইবাকোটি টকাৰো সা-সম্পত্তি ভস্মিভূত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে (Fire at Hatigaon) ৷
অগ্নিকাণ্ডৰ বাবে নিশাৰ মহানগৰীত সৃষ্টি হয় যান-জঁটৰ ৷ ঘটনাস্থলীলৈ যোৱা পথ ঠেক হোৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ দলে কিছু অসুবিধাৰ সন্মুখীন হয় যদিও নিকটৱৰ্তী আটাইকেইখন থানাৰ আৰক্ষীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বুলিও মন্তব্য কৰে উপ আৰক্ষী আয়ুক্ত সুৰজিৎ সিং পানেছৰে ৷
উল্লেখ্য যে, আবাসিক এলেকাটোত আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ পত্ৰও সম্পূৰ্ণৰূপে জাহ যায় এই অগ্নিকাণ্ডত ৷
লগতে পঢ়ক: Drinking water crisis in Guwahati: ২০২৪ ৰ ভিতৰত গুৱাহাটীবাসীয়ে লাভ কৰিব খোৱাপানী; অশোক সিংহল