ETV Bharat / state

প্লাষ্টিকৰ বস্তাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Apr 23, 2022, 4:40 PM IST

Updated : Apr 23, 2022, 5:04 PM IST

মহানগৰীৰৰ সমীপৱৰ্তী বৰ্ণিহাটৰ প্লাষ্টিকৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত উদ্যোগটো(Devastating fire in Barnihat) । জুইত জাহ গ'ল কেইবা কোটি টকাৰ সামগ্ৰী ।

Devastating fire in Barnihat
প্লাষ্টিকৰ বস্তাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,২৩ এপ্ৰিল: গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী বৰ্ণিহাটত প্লাষ্টিকৰ বস্তাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত উদ্যোগটো(Devastating fire in Barnihat) । শুকুৰবাৰে নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হয় এই ঘটনা ।

সোনাপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ১৪ মাইল এলেকাত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা (Massive fire in plastic sack factory) । ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে নিৰন্তৰ জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও প্ৰথমাৱস্থাত ব্যৰ্থ হয় । জানিব পৰা মতে ২৯ খন অগ্নি নিৰ্বাপক গাড়ীয়ে নিৰন্তৰ ভাৱে জুই নুমুৱাবলৈ চেষ্টা চলাই ।

প্লাষ্টিকৰ বস্তা তৈয়াৰ কৰা কাৰখানাটোত শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । বিধ্বংসী অগ্নিকাণ্ডত কেইবা কোটি টকা মূল্যৰ সম্পত্তি ধ্বংস হোৱাৰ সন্দেহ কৰা হৈছে । এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোত বিদ্যুৎ যোগান বিচ্ছিন্ন হৈ পৰিছে ।

লগতে পঢ়ক:তেজপুৰৰ চক বজাৰত পুনৰ অগ্নিকাণ্ড: মিছন চাৰিআলিত জ্বলি উঠিল i20 বাহন

Last Updated : Apr 23, 2022, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.