ETV Bharat / state

Massive farmers convention:অসমৰ কৃষকৰ সমস্যা সমাধানৰ দাবীত বিশাল কৃষক অভিৱৰ্তন

সংযুক্ত কিষাণ মৰ্চা, অসমৰ আহ্বানত মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কৃষক অভিৱৰ্তনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ডেৰ হাজাৰৰো অধিক কৃষক প্ৰতিনিধিয়ে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ কৃষক বিৰোধী আৰু কৰ্প’ৰেটৰ স্বাৰ্থ ৰক্ষাকাৰী ভূমিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে আৰু ৰাজ্যজোৰা ঐক্যৱদ্ধ আন্দোলনৰ ৰূপৰেখা প্ৰস্তুত কৰে ৷

Massive farmers convention
বিশাল কৃষক অভিৱৰ্তন
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:05 PM IST

বিশাল কৃষক অভিৱৰ্তন

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কৃষক অভিৱৰ্তন ৷ সংযুক্ত কিষাণ মৰ্চাৰ পাঁচ জনকৈ সৰ্বভাৰতীয় নেতা উপস্থিত থকা কৃষক অভিৱৰ্তনখন উদ্বোধন কৰে বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে ৷ সৰ্বভাৰতীয় কৃষক নেতাসকলক উদ্দ্যেশি ড৹ গোহাঁয়ে ইংৰাজীতে অসমৰ কৃষকৰ প্ৰধান সমস্যা সমূহৰ লগতে ৰাজ্যৰ জনসাধাৰণৰ জ্বলন্ত সমস্যাসমূহ দাঙি ধৰে আৰু তাৰ পাচতে কৃষক প্ৰতিনিধিসকলক উদ্দ্যেশি অসমীয়াত লিখিত ভাষণ পাঠ কৰে ৷

Massive farmers convention
বিশাল কৃষক অভিৱৰ্তন

ড৹ হীৰেন গোহাঁয়ে কৃষি খণ্ডত একচেটীয়া পুঁজিৰ প্ৰৱেশে সাধাৰণ কৃষকৰ বাবে সৃষ্টি কৰা সমস্যাৰ বিষয়ে দাঙি ধৰাৰ লগতে দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনৰ সফলতাৰ বাবে সংযুক্ত কিষাণ মৰ্চাক অভিনন্দন জনায় আৰু কয় যে সংগ্ৰাম অবিহনে বৰ্তমানৰ কৃষক বিৰোধী চৰকাৰৰৰ পৰা কৃষকে একো আদায় কৰিব নোৱাৰে আৰু দিল্লীৰ আন্দোলনৰ আৰ্হিত ধাৰাবাহিক কৃষক সংগ্ৰামৰ বাবে আহবান জনায় ৷ আজিৰ কৃষক অভিৱৰ্তনত অংশগ্ৰহণ কৰা সৰ্বভাৰতীয় কৃষক নেতাসকল আছিল যথাক্ৰমে সংযুক্ত কিষাণ মৰ্চা (এছ কে এম)ৰ ক’ৰ কমিটিৰ অন্যতম আহ্বায়ক তথা নিখিল ভাৰত কৃষক সভা (এ আই কে এছ)ৰ উপসভাপতি হান্নান মোল্লা, এছ কে এম নেতা তথা অ’ল ইণ্ডিয়া কিষাণ সভাৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জন, এছ কে এম নেতা, কৃষক মহাসভাৰ সম্পাদক মণ্ডলীৰ সদস্য তথা বিহাৰৰ বিধায়ক সুদামা প্ৰসাদ, এছ কে এম নেতা তথা অ’ল ইণ্ডিয়া কিষাণ খেত মজদুৰ সংগঠনৰ উপসভাপতি সুৰত জামান, এছ কে এম নেতা তথা অ’ল ইণ্ডিয়া কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক বি ভেংকট ৷

Massive farmers convention
বিশাল কৃষক অভিৱৰ্তন

সৰ্বভাৰতীয় নেতাসকলে তেখেতসকলৰ ভাষণত নৰেন্দ্ৰ মোদী চৰকাৰৰ কৃষি আৰু কৃষক বিৰোধী কৰ্মকাণ্ডবোৰ উদঙাই দিয়াৰ লগতে বিজেপি চৰকাৰক বিশ্বাসঘাতকৰ চৰকাৰ আখ্যা দিয়ে ৷ তেখেতসকলে নৰেন্দ্ৰ মোদী চৰকাৰক প্ৰত্যাহবান জনাই কয় যে দেশৰ কৃষক শক্তিক দমনৰ ক্ষমতা এই চৰকাৰৰ নাই সেয়া দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনে ইতিমধ্যে প্ৰমাণ দেখুৱাই থৈছে আৰু ভৱিষ্যতেও কেতিয়াও কৃষকৰ বিৰুদ্ধে চৰকাৰ জয়ী হ’ব নোৱাৰে ৷ সংযুক্ত কিষাণ মৰ্চা, অসমৰ হৈ অভিৱৰ্তনৰ মূল প্ৰস্তাৱ উত্থাপন কৰে সংযুক্ত কিষাণ মৰ্চা, অসমৰ অন্যতম আহবায়ক বলিন্দ্ৰ শইকীয়াই ৷ অসমৰ কৃষকৰ সমস্যাসমূহ পুংখানুপুঙ্খভাৱে প্ৰস্তাৱত দাঙি ধৰা হয় আৰু ৩৫ দফীয়া দাবী চনদেৰে ৰাজ্যত পৰৱৰ্তী আন্দোলনৰ ৰূপৰেখা দাঙি ধৰে ৷

১০টা কৃষক সংগঠন যথাক্ৰমে অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত কৃষক সভা, কৃষক মহাসভা, অসম কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম খেতিয়ক সন্থা, জীপাল কৃষক শ্ৰমিক সংঘ, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসম কৃষি শ্ৰমিক ইউনিয়ন, জনজাতি অধিকাৰ মঞ্চ, অ’ল ইণ্ডিয়া কিষাণ খেত মজদুৰ সংগঠনৰ দহগৰাকী প্ৰতিনিধিয়ে প্ৰস্তাৱৰ ওপৰত আলোচনা কৰে ৷ আলোচনাৰ উত্তৰ দান কৰি আগন্তুক সময়ৰ আন্দোলনৰ প্ৰস্তাৱ দাঙি ধৰে সংযুক্ত কিষাণ মৰ্চা, অসমৰ অন্যতম আহবায়ক টিকেন দাসে আৰু প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয় ৷ টিকেন দাসে উত্তৰ দানত মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত আৰু নামৰূপ সাৰকাৰখানা পুনৰ মুকলি কৰাৰ দাবী কৰে ৷

সংযুক্ত কিষাণ মৰ্চাই অসমকে ধৰি দেশৰ চাৰিখন ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিয়াৰ দাবীত অহা ২২ ছেপ্টেম্বৰত সমগ্ৰ ভাৰতজোৰা এদিনীয়া আন্দোলনৰ ঘোষণা কৰিছে ৷ ৰাজ্যৰ সকলো জিলাতে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ অভিৱৰ্তনৰ পক্ষৰ পৰা আহ্বান জনোৱা হয় ৷ উত্তৰ প্ৰদেশত আন্দোলনকাৰী কৃষক হত্যাকাৰী বিজেপি সাংসদ পুত্ৰ আৰু সাংসদৰ শাস্তিৰ দাবীত অহা ৩ অক্টোবৰত সমগ্ৰ দেশৰ লগতে অসমতো কলা দিৱস পালন কৰা হ’ব আৰু ঐতিহাসিক দিল্লী আন্দোলনৰ সময়ত সংযুক্ত কিষাণ মৰ্চাৰ লগত কৰা চুক্তি আখৰে আখৰে পালন কৰাৰ দাবীত ২৬–২৮ নৱেম্বৰত বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ লগতে অভিৱৰ্তনৰ দাবী চনদৰ ভিত্তিত ৰাজ্যজোৰা ঐক্যৱদ্ধ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সভাপতি মণ্ডলীৰ হৈ জয়ন্ত গগৈয়ে বক্তব্য আগবঢ়ায় আৰু ঐক্যৱদ্ধ কৃষক আন্দোলনৰ আহ্বান জনায় ৷ অভিৱৰ্তনৰ আৰম্ভণিতে সভাপতি মণ্ডলীৰ নাম প্ৰস্তাৱ কৰাৰ লগতে উদ্বোধক, সৰ্বভাৰতীয় নেতাসকল আৰু ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ নেতাসকলক মঞ্চলৈ আমন্ত্ৰণ জনায় দেবেন শৰ্মাই ৷ অভিৱৰ্তনৰ শোক প্ৰস্তাৱ উত্থাপন কৰে গজেন বৰ্মনে ৷ শোক প্ৰস্তাৱত দিল্লীৰ কৃষক আন্দোলনৰ শ্বহীদসকল, মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত নিহত নিৰীহ সাধাৰণ লোকসকল আৰু যোৱা সময়ছোৱাত মৃত্যু হোৱা সুদক্ষিণা শৰ্মা, কিৰণ শংকৰ ৰয়, অনন্ত কলিতাকে ধৰি বিভিন্নজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলী অৰ্পন কৰা হয় ৷ সংযুক্ত কিষাণ মৰ্চা, অসমৰ অংশীদাৰ দহটা কৃষক সংগঠনৰ নেতৃবৃন্দ যথাক্ৰমে জয়ন্ত গগৈ, গজেন্দ্ৰ বৰ্মন, দেবেন শৰ্মা, পিয়াৰুল ইচলাম, পিটৰুচ চৰিন, কবি ৰাভা, আক্ৰামূল হক, ওচমান গনি, ৰজনী দৈমাৰীৰে গঠন কৰা দহজনীয়া সভাপতিমণ্ডলীয়ে সভা পৰিচালনা কৰে ৷

লগতে পঢ়ক : DoHUA: ৰাজ্যৰ ৯ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অসম নগৰ পৰিকল্পনা উপদেষ্টা সমিতিৰ অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.