গুৱাহাটী, 15 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যতে অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ। ইয়াৰ পৰিপ্ৰেক্ষিততে দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাতমাইলত স্থানীয় ৰাইজে গণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।
![গুৱাহাটী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-cabprotestjalukbari-as10002_15122019142036_1512f_1576399836_602.jpg)
প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰাই কোনো কাৰণতে চি(এ)এ মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে। বৃহত্তৰ গাড়ীগাঁও আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ শিক্ষাবিদ,সাহিত্যিক,শিল্পী আদিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ভূপেন দাৰ কালজয়ী গীতেৰে চৰকাৰক সকিয়াই দিয়ে গায়ক চন্দন দাসে। ইফালে অসমীয়াৰ আবেগ অনুভূতিক কুঠাৰাঘাত কৰি কেব গৃহীত কৰা কাৰ্যত ক্ষোভ উজাৰে শিক্ষাবিদ উমেশ ডেকাই। চৰকাৰৰ এই বিশ্বাসঘাটকতাক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি ক'লে শিক্ষাবিদগৰাকীয়ে । তাৰোপৰি সকলোকে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ৷
লগতে পঢ়ক - হায়দৰাবাদত পুনৰ সংঘটিত ধৰ্ষণৰ ঘটনা