ETV Bharat / state

দিছপুৰে দিয়া নাই চাৰি কোটি: চৰম বিত্তীয় সংকটত আলফা - অনুপ চেতিয়া ফোনকল ইটিভি ভাৰত

চৰকাৰৰ পৰা পাবলগীয়া ধন নাপাই মানসিকভাৱে ভাঙি পৰিছে বহু আলফা কেডাৰ ৷ বাধাগ্ৰস্ত হৈছে পৰিয়াল পোহপাল দিয়া, সন্তানক পঢ়ুওৱাৰ ক্ষেত্ৰত (ULFA suffers financial crisis)৷ ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এনেদৰে ক’লে আলফা নেতা অনুপ চেতিয়াই ৷

Ulfa suffers financial crisis
ইটিভি ভাৰতৰ সৈতে অনুপ চেতিয়াৰ টেলিফোনিক বাৰ্তালাপ
author img

By

Published : Mar 26, 2022, 4:24 PM IST

গুৱাহাটী, ২৬ মাৰ্চ: জংঘলৰ অনিশ্চিত জীৱন ত্যাগ কৰি শান্তিৰ পথলৈ উভতি অহা সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ৰ প্ৰায় সাতশ কেডাৰ সম্প্ৰতি চৰম বিত্তীয় সংকটত পৰিছে । কিয়নো শান্তি আলোচনাৰ প্ৰক্ৰিয়ালৈ ঘূৰি অহাৰ পিছত ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মৰ্মে যি মাহেকীয়া ভাট্টা এইসকল আলফা সদস্যই লাভ কৰিব লাগিছিল সেই ভাট্টা বিগত ৯ মাহ জুৰি চৰকাৰৰ পৰা পোৱা নাই আলোচনাপন্থী আলফা সদস্যসকলে । যাৰ ফলস্বৰূপে এতিয়া আনকি বহু অঞ্চলত একাংশ আলোচনাপন্থী আলফা সদস্যই দিন হাজিৰা কৰিও পৰিয়াল পোহপাল দিবলগীয়া হৈছে বা নিজে চলি থাকিব লগীয়া হৈছে (ULFA suffers financial crisis)।

স্মৰ্তব্য যে শান্তি আলোচনাত ভাগ লবলৈ বুলি ইতিমধ্যে মূলসুঁতিলৈ ঘূৰি অহা আলফাৰ প্ৰায় সাতশ কেডাৰ সম্প্ৰতি ৰাজ্যৰ কেইবাটাও ডেজিগনেটেড কেম্পত থকাৰ উপৰি একাংশ সদস্য নিজৰ ঘৰতো আছে । চৰকাৰে এইসকল আলফা সদস্যক চৰ্ত অনুসৰি প্ৰত্যেককে মাহে ছহেজাৰ টকাকৈ ভাট্টা আৰু ৰেচন আগবঢ়াই আহিছিল । কিন্তু বিগত ৯ মাহৰ পৰা দিছপুৰে আদায় দিয়া নাই এই ভাট্টা । যাৰ ফলত এইসকল আলোচনাপন্থী আলফা সদস্যৰ বৰ্তমান অৱস্থা একপ্ৰকাৰ পানীত হাঁহ নচৰাৰ দৰে হৈছে ।

ইটিভি ভাৰতৰ সৈতে অনুপ চেতিয়াৰ টেলিফোনিক বাৰ্তালাপ

এইখিনিতে উল্লেখ কৰাটো ভাল হ’ব যে, শেহতীয়াকৈ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা) লৈ প্ৰায় এদিন-দুদিনৰ মূৰে মূৰেই অসমৰ বিভিন্ন অঞ্চলৰ পৰা ন-ন যুৱক যুৱতী ঢাপলি মেলাৰ খবৰ পোহৰলৈ আহি আছে । তেনেক্ষেত্ৰত ৯ মাহ ধৰি চৰকাৰৰ পৰা কোনো আৰ্থিক সহাৰি নোপোৱাকৈ থকা এইসকল শান্তিকামী আলফা সদস্যৰ মাজৰ পৰা যদি অতিষ্ঠ বা মোহভংগ হৈ কোনোৱে পুনৰ জংঘলৰ অনিশ্চিত জীৱনলৈ বাট বুলিবলৈ সিদ্ধান্ত লয় তেন্তে তাৰ বাবে জগৰীয়া হ’ব কোন সেয়াও ভাবি চাবলগীয়া ।

শান্তি আলোচনাৰ পক্ষত থকা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই শণিবাৰে তেওঁৰ গৃহভূমি তিনিচুকীয়াৰ জেৰাই গাঁৱৰ পৰাই টেলিফোনযোগে এই প্ৰসংগত ই টিভি ভাৰতক ক'লে এনেদৰে(Anup Chetia phone call to ETV Bharat)- " বিগত ৯ মাহজুৰি চৰকাৰৰ পৰা পাবলগীয়া এই ধন নাপাই এতিয়া আমাৰ বহু কেডাৰ মানসিকভাৱে ভাঙি পৰিছে । পৰিয়াল পোহপাল দিয়া, সন্তানক পঢ়ুওৱা এই সকলোবিলাকত তেওঁলোক বাধাগ্ৰস্ত হৈছে । যিহেতু ভাট্টা প্ৰদানৰ এই ব্যৱস্থাটো অসম আৰক্ষীৰ বিশেষ শাখাৰ দ্বাৰা কৰা হয় সেয়েহে বিশেষ শাখাৰ এ ডি জি পি হীৰেন নাথৰ সৈতে সঘন যোগাযোগ আমাৰ ফালৰ পৰা ৰক্ষা কৰি চলা হৈছে । তেৱোঁ যথেষ্ঠ চেষ্টা কৰি আছে এই ধনখিনি আদায় দিয়াৰ বাবে । কিন্তু সমস্যাটো হ'ল বিত্ত বিভাগে এতিয়াও এই ধনখিনি মোকলাই দিয়া নাই । সেয়েহে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগ দুয়োকে অনুৰোধ জনাইছোঁ আমাৰ সদস্য সকলক এই বিপদৰ পৰা উদ্ধাৰ কৰক । তেওঁলোকে পাবলগীয়া হৈ থকা ধনখিনি যিমান পাৰে সোনকালে মোকলাই দিয়ক । "

আনহাতে, চৰকাৰৰ সৈতে ইতিমধ্যে আৰম্ভ হোৱা আলফাৰ শান্তি প্ৰক্ৰিয়াই নতুনকৈ কোনো গতি লাভ নকৰা ঘটনাৰ বাবেও তেওঁ ক্ষোভ প্ৰকাশ কৰে । উল্লেখযোগ্য যে, প্ৰায় সাতশ আলফা সদস্যই আজিৰ তাৰিখলৈকে চৰকাৰৰ পৰা পাবলগীয়া হৈ থকা মাহেকীয়া ভাট্টাৰ পৰিমাণ হ'ল প্ৰায় ৩ কোটি ৭৮ লাখ টকা ।

লগতে পঢ়ক: সুখবৰ : অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬,৪৪১ টা পদৰ বিজ্ঞাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.