ETV Bharat / state

গুৱাহাটী উন্নয়নৰ নামত চুৰিপন্থা অৱলম্বন কৰিছে বনবিভাগে: সচেতন জনতা - Many old trees along the road have been cut down

গুৱাহাটী উন্নয়নৰ নামত ৰাজপথত থকা বহু পুৰণি গছ কটা হৈছে (Many old trees along the road have been cut down) ৷ ফলত মহানগৰীত হ্ৰাস পাইছে পুৰণি গছৰ সংখ্যা ৷ পুৰণি গছসমূহ কাটি ধ্বংস কৰা কাৰ্যক তীব্ৰ গৰিহণা মহানগৰীৰ সচেতন জনতাৰ ৷

Guwahati development deparment cut down many tree
উন্নয়নৰ নামত পুৰণি গছ ধ্বংস
author img

By

Published : Feb 11, 2022, 10:15 PM IST

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : ৰাজ্যৰ চৰকাৰে বিভিন্ন আচঁনিৰ জড়িয়তে কৰিছে মহানগৰীত চলাই গৈছে উন্নয়নৰ কাম ৷ ইয়াৰ মাজতে মহানগৰীৰ উন্নয়নৰ অজুহাতত এফালৰ পৰা কাটি তহিলং কৰা হৈছে গুৱাহাটী মহানগৰীৰ বহু পুৰণি গছ ৷ গুৱাহাটী মহানগৰী জু-ৰোড তিনি আলিত প্ৰস্তাৱিত দুই লেনযুক্ত উৰণীয়া সেঁতু নিৰ্মাণৰ বাবেও বহুবছৰীয়া পুৰণি গছসমূহ কাটি ধ্বংস কৰা পৰিলক্ষিত হৈছে (Many old trees along the road have been cut down) ৷

যাৰ ফলত ক্ষুভিত হৈ পৰিছে গুৱাহাটীৰ সচেতন জনতা ৷ আনকি শুকুৰবাৰে মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল স্থানীয় একাংশ সচেতন লোক ৷ মহানগৰীৰ জু-ৰোডত চৰকাৰে উন্নয়ন নামত প্ৰকৃতিৰ ধ্বংস কৰা কাৰ্যৰ বিৰুধীতাৰে একাংশ স্থানীয় জনতাই সাব্যস্ত কৰে প্ৰতিবাদ ।

গুৱাহাটী উন্নয়নৰ নামত চুৰিপন্থা অৱলম্বন কৰিছে বনবিভাগে: সচেতন জনতা

আনকি প্ৰকৃতি ৰক্ষাৰ বিভিন্ন শ্ল’গানৰ প্লে কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদী জনতাই ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে উৰণীয়া সেঁতুখন নিৰ্মাণ কৰাৰ বাবেই ইতিমধ্যে কাটি পেলাইছে ৫০-৬০ বছৰীয়া পুৰণি গছসমূহ । চৰকাৰৰ এনে কাৰ্যত ক্ষুন্ন হৈ পৰিছে মহানগৰবাসী । ইফালে বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত এজোপা গছ কাটিলে ১০ জোপা গছ ৰোপণ কৰিব লাগিব বুলি লোৱা সিদ্ধান্তক প্ৰতিবাদকাৰীসকলে হাস্যকৰ বুলি অভিহিত কৰে ।

Guwahati development deparment cut down many tree
উন্নয়নৰ নামত পুৰণি গছ ধ্বংস

৫০-৬০ বছৰীয়া পুৰণি গছ এজোপা কাটি ১০ জোপা নতুন গছ ৰোপণ কৰিব সেইয়া মানি ল’ব নোৱাৰি । গুৱাহাটীত ইতিমধ্যে গছ-গছনিৰ সংখ্যা হ্ৰাস পাই আহিছে । প্ৰতিবাদী জনতাই উল্লেখ কৰা অনুসৰি, গুৱাহাটী উন্নয়নৰ বাবে গছ কাটি যাম আৰু নতুনকৈ ৰোপণ কৰিম সেইটো উদ্দেশ্য হ’ব নালাগে ।

লগতে তেওঁলোকে অভিযোগ উত্থাপন কৰে যে, চুৰিৰ পন্থা অৱলম্বন কৰিছে বন বিভাগে ৷ নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বন বিভাগে ৰাতি চোৰৰ দৰে কাটিছে মূল্যবান গছসমূহ । এই কাৰ্যক প্ৰতিবাদকাৰীসকলে তীব্ৰ গৰিহণা দিয়ে ৷

লগতে পঢ়ক : অসমত দুবছৰে বন্ধ হৈ আছে 12 খন যাত্ৰীবাহী ৰে’ল, ৰ্নিলিপ্ত ৰে’ল বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.