ETV Bharat / state

শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান খোলা দিয়াৰ দাবী শিল্পী মানস ৰবীনৰ

author img

By

Published : Oct 17, 2020, 9:33 PM IST

সকলো ব্যৱস্থালৈ স্বাভাৱিক অৱস্থা ঘুৰি আহিছে; কিন্তু সাংস্কৃতিক ক্ষেত্ৰলৈ বৰ্তমানলৈকে ঘুৰি অহা নাই স্বাভাৱিক অৱস্থা ৷ যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে সাংস্কৃতিক কৰ্মীসকলৰ ৷

Manash Robin press meet at Guwahati
শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান খোলা দিয়াৰ দাবী শিল্পী মানস ৰবীনৰ

গুৱাহাটী, 17 অক্টোবৰ: কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বন্ধ হৈ আছে সাংস্কৃতিক অনুষ্ঠান সমুহ ৷ সকলো ব্যৱস্থালৈ স্বাভাৱিক অৱস্থা ঘুৰি আহিছে; কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনলৈ বৰ্তমানলৈকে ঘুৰি অহা নাই স্বাভাৱিক অৱস্থা ৷ যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে সাংস্কৃতিক কৰ্মীসকলৰ ৷ এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি শনিবাৰে মহানগৰীৰ জোনালীত এখন সংবাদমেলৰ আয়োজন কৰে জনপ্ৰিয় শিল্পী মানস ৰবীনে ৷

শিল্পী সকলে ‘কা' আন্দোলনত উতঃপুত ভাৱে অংশগ্ৰহণ কৰিছিল বাবেই এতিয়া চৰকাৰৰ দ্বাৰা শাস্তি প্ৰদান কৰি থকা হৈছে নেকি বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে মানস ৰবীনে ৷

ক'ৰণা কালত চৰকাৰে শিল্পীসকলৰ বাবে ঘোষণা কৰা 6 হাজাৰ টকাৰ এক কালীন সাহায্যৰ এটা ফুটাকড়ি এটাও কোনো শিল্পীয়ে পোৱা নাই বুলি মন্তব্য মানস ৰবীনৰ ৷ লগতে শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান সমূহ খোলা দিয়াৰ বাবেও দাবী জনাই শিল্পী গৰাকীয়ে ৷

লগতে পঢ়কঃ ৰাজ্যজুৰি পালন কৰিলে হেপাহৰ কাতি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.