ETV Bharat / state

অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে সহায়ৰ হাত মানস ৰবীনৰ - ন্যায়ালয়

সংগঠনটোৰ আহ্বানৰ প্ৰতি সমৰ্থন জনায় আগবাঢ়ি আহিল জনপ্ৰিয় শিল্পী মানস ৰবীন ৷ বিগত 7 মাহে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ সংগঠনটোক 2 লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় শিল্পীগৰাকীয়ে ৷

Manas Robin help hand for Akhil Gogoi's legal battle
অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে সহায়ৰ হাত মানস ৰবীনৰ
author img

By

Published : Aug 17, 2020, 10:27 PM IST

গুৱাহাটী,17আগষ্টঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আইনী যুঁজৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিক প্ৰয়োজন যথেষ্ট ধনৰ ৷ যাৰ বাবে সংবাদমেলযোগে সহায় বিচাৰিছিল সংগঠনটোৱে ৷ তেনে সময়তে সংগঠনটোৰ আহ্বানৰ প্ৰতি সহাৰি জনায় আগবাঢ়ি আহিল জনপ্ৰিয় শিল্পী মানস ৰবীন ৷ বিগত 7 মাহে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ সংগঠনটোক 2 লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় শিল্পীগৰাকীয়ে ৷

Manas Robin help hand for Akhil Gogoi's legal battle
অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে সহায়ৰ হাত মানস ৰবীনৰ

আজি এক ফেচবুক প'ষ্টযোগে শিল্পী মানস ৰবীনে মন্তব্য কৰে যে, "ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মোকলাই অনাৰ দায়িত্বও ৰাইজেই ল'ব লাগিব । অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈকে ৰাইজে টঙালি বান্ধক ।"

উল্লেখযোগ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজহুৱা আহ্বানৰ প্ৰতি সকলোকে সঁহাৰি জনাবলৈ কৈ যিয়ে যেনেকৈ পাৰে অনুদান আগবঢ়াবলৈও আহ্বান জনায় শিল্পীগৰাকীয়ে ।

লগতে পঢ়কঃসুশান্তৰ ঘটনাৰ চি.বি.আই তদন্তৰ দাবীত ৰাজপুত কৰণী সেনাৰ বিক্ষাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.