ETV Bharat / state

বিদায়ী বছৰটোত হাতী-মানুহৰ সংঘাত

খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে কেতিয়াবা যদি চাহ বাগিচাৰ ভিতৰত, কেতিয়াবা ৰাজপথত, কেতিয়াবা মানুহৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে, কেতিয়াবা আকৌ খেতিপথাৰ তহিলং কৰি বিনষ্ট কৰিছে কৃষকৰ ফচল ৷ 2019 বৰ্ষত গুৰুতৰ ৰূপ ধাৰণ কৰে হাতী মানুহৰ সংঘাতে ৷ এটা কথা অনস্বীকাৰ্য, যে হাতী মানুহৰ এই সংঘাতত কেৱল মানুহেই প্ৰাণ হেৰুৱা নাই, মৃত্যু হয় বন্যহস্তীৰো ৷

MAN ELEPHANT CONFLICT
হাতী-মানুহৰ সংঘাত
author img

By

Published : Dec 31, 2019, 6:58 PM IST

গুৱাহাটী,31 ডিচেম্বৰঃ বিদায়ী বছৰটোত সংঘটিত হোৱা কিছুমান ঘটনাই জোকাৰি গৈছে ৰাজ্যবাসীক ৷ 2019 বৰ্ষত আন আন সমস্যাৰ সমান্তৰালভাৱে ৰাজ্যত ব্যাপক ৰূপত সাঁচ বহুৱাই থৈ যোৱা আন এক সমস্য হ'ল হাতী মানুহৰ সংঘাত ৷ পূৰ্বৰ তুলনাত বিদায়ী বছৰটোত বৃদ্ধি পালে হস্তী মানৱৰ সংঘাত ৷ আমি যদি উভতি চাও তেনেহ'লে দেখা পাম যে, ২০১৯ বৰ্ষত ৰাজ্যত ২১৬ টাকৈ হস্তী মানৱৰ সংঘাত সংঘটিত হয় আৰু এই হাতী-মানুহৰ সংঘাতত ৮৭ গৰাকীকৈ লোকৰ মৃত্যু হয় ৷

MAN ELEPHANT CONFLICT
2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত
খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে কেতিয়াবা যদি চাহ বাগিচাৰ ভিতৰত, কেতিয়াবা ৰাজপথত, কেতিয়াবা মানুহৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে, কেতিয়াবা আকৌ খেতিপথাৰ তহিলং কৰি বিনষ্ট কৰিছে কৃষকৰ ফচল ৷ 2019 বৰ্ষত গুৰুতৰ ৰূপ ধাৰণ কৰে হাতী মানুহৰ সংঘাতে ৷ এটা কথা অনস্বীকাৰ্য,যে হাতী মানুহৰ এই সংঘাতত কেৱল মানুহেই প্ৰাণ হেৰুৱা নাই, মৃত্যু হয় বন্যহস্তীৰো ৷
MAN ELEPHANT CONFLICT
2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত

পৰিসংখ্যা অনুসৰি
২০১৬ চনত বন্যহস্তীৰ আক্ৰমণত ৯১ গৰাকী লোকৰ মৃত্যু হৈছে
২০১৭ চনত ৮৩ গৰাকী লোকৰ মৃত্যু হৈছে
২০১৮ চনত ৯৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বন্যহস্তীৰ আক্ৰমণত

MAN ELEPHANT CONFLICT
2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত

জনসংখ্যা বৃদ্ধি,অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্য হস্তীৰ জাক নামি আহে সমতল ভূমিলৈ ৷ বনাঞ্চলৰ ভূমি সংকোচনৰ ফলত খাদ্য সংকটত পৰা বন্যহস্তীৰ জনাঞ্চললৈ প্ৰব্ৰজনে সৃষ্টি কৰি আহিছে সংঘাতৰ ৷ কিন্তু ইয়াৰ বাবে দায়ী কোন ? যোৱাটো বৰ্ষত ওদালগুৰি,গোলাঘাট,নগাঁও,বাক্সা,কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতৰ ঘটনা অন্যান্য জিলা সমূহৰ তুলনাত সৰ্বাধিক হোৱা দেখা যায় ৷

2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত

অৱশ্যে এই কেইখন জিলাৰ বাদে আন জিলাসমূহতো কম বেছি পৰিমাণে দেখা গ'ল বন্যহস্তীৰ ত্ৰাস ৷ ক্ৰমান্বয়ে বৃদ্ধই পাই আহিছে বন্যহস্তীৰ সংঘাত ৷ কাজিৰঙাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা ৰোধ কৰিবলৈ চৰকাৰে কাজিৰঙাৰ মাজেৰে উৰণীয়া সেতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বৰ্তমানো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

MAN ELEPHANT CONFLICT
2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানৱৰ সংঘাতত কেৱল মানুহৰেই যে প্ৰাণহানি হৈছে তেনে নহয়, সংঘাত বা আন আন কাৰণত খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো প্ৰাণ গৈছে ৷ যাৰ ফলত হ্ৰাস পাইছে বন্যহস্তীৰ সংখ্যা ৷ 2019 বৰ্ষত ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰা বহু ঘটনাৰ ভিতৰত হস্তী মানৱৰ সংঘাতে অন্যতন স্থান দখল কৰে ৷

Intro:বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ ক্ষেত্ৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত অন্যতম, বিশেষকৈ হাতী-মানুহৰ সংঘাত। হাতী-মানুহৰ সংঘাত ৰাজ্যত প্ৰায়ে সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। ২০১৯ চনত ৰাজ্যত ২১৬ টাকৈ সংঘটিত হোৱা হাতী-মানুহৰ সংঘাতত ৮৭ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে। (ptc)

Body:কেতিয়াবা যদি চাহ বাগিচাৰ ভিতৰত, কেতিয়াবা ৰাজপথত, কেতিয়াবা মানুহৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে, কেতিয়াবা আকৌ খেতিপথাৰ তহিলং কৰিছে জাকে জাকে বনৰীয়া হাতী। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহাৰ ফলত ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। ৰাজ্যৰ বন বিভাগ, বেচৰকাৰী সন্থৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত সন্থা সমূহৰ বিভিন্ন চেষ্টাও ৰোধ কৰিব পৰা নাই হাতী-মানুহৰ সংঘাত। কেতিয়াবা যদি হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে মানুহে কেতিয়াবা আকৌ মানুহে নিধন কৰিছে হাতী। চলিত বছৰৰ বৰ্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে হাতী-মানুহৰ সংঘাতৰ ২১৬টাকৈ ঘটনা। হাতী-মানুহৰ এই সংঘাতত চলিত বছৰত ৮৭ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ২০১৬ চনত ৯১ গৰাকী, ২০১৭ চনত ৮৩ গৰাকী আৰু ২০১৮ চনত ৯৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বাইট ১: বিভৱ তালুকদাৰ, বন্যপ্ৰাণী বিশেষজ্ঞ

জনসংখ্যা বৃদ্ধিৰ আৰু অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰে।
চৰকাৰে ৰাজ্যত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰৰ এই পদক্ষেপ যথেষ্ট নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে বন্যপ্ৰাণী বিশেষজ্ঞ বিভৱ তালুকদাৰে। হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ বনাঞ্চল সমূহত হাতীৰ বাবে পৰ্যাপ্ত পৰিমানে খাদ্য যোগান ধৰিব লাগিব আৰু ইয়াৰ বাবে বনাঞ্চল সমূহত অধিক বৃক্ষ ৰোপন কৰিব লাগিব বুলিও মন্তব্য কৰে তালুকদাৰে। দ্বিতীয়তে চৰকাৰক হাতী-মানুহৰ সংঘাতৰ বিষয় সদনৰ মজিয়াত আলোচনা কৰি ইয়াৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবেও আহ্বান জনায় তালুকদাৰে।

বাইট ২: বিভৱ তালুকদাৰ, বন্যপ্ৰাণী বিশেষজ্ঞ

ৰাজ্যৰ ওদালগুৰি, গোলাঘাট, নগাঁও, বাক্সা, কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতৰ ঘটনা অন্যান্য জিলা সমূহৰ তুলনাত অধিক যদিও বৰ্তমান এই সংঘাতৰ ঘটনা অন্যান্য জিলা সমূহত পৰিলক্ষিত হৈছে। ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে কিছুদিন পুর্বে আমচাং বনাঞ্চলৰ পৰা গুৱাহাটী মহানগৰীৰ ৰাজপথলৈ ওলাই অহা বনৰীয়া হাতীটো। ইফালে চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীক সুৰক্ষ প্ৰদানৰ বাবে কাজিৰঙাত উৰণীয়া সেতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বৰ্তমানেও এই ক্ষেত্ৰত চৰকাৰে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

বাইট ৩: বিভৱ তালুকদাৰ, বন্যপ্ৰাণী বিশেষজ্ঞ

Conclusion:হাতী-মানুহৰ সংঘাতৰ ফলত এফালে যদি প্ৰতিবছৰে প্ৰাণ হেৰুৱাই কেইবাগৰাকী লোকে, আনফালে এই সংঘাতৰ ফলত ৰাজ্যত বছৰি হ্ৰাস পাইছে এক শতাংশ হাতী। হাতী-মানুহৰ সংঘাত বৰ্তমান ৰাজ্যত এক দুৰ্যোগৰ ৰূপ ধাৰণ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.