ETV Bharat / state

কুঁৱাত পৰা মোবাইল উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু যুৱকৰ - মহানগৰীত অঘটন

কুঁৱাত পৰি মৃত্যু এজন লোকৰ (Man died after falling into well) ৷ এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত নিউ গুৱাহাটী গণেশ মন্দিৰ পথৰ ১নং উপ-পথত ৷ মৃত্যু হোৱা লোকজন নিউ গুৱাহাটী জনতা নগৰৰ বাসিন্দা বাপধন দাস (50) বুলি জানিব পৰা গৈছে ।

Man died after falling into well in Guwahati
কুঁৱাত পৰা মোবাইল উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু যুৱকৰ
author img

By

Published : Sep 18, 2022, 5:24 PM IST

গুৱাহাটী,১৮ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীত অঘটন ৷ মোবাইল ফোনেই যেন কাল হ’ল এজন লোকৰ বাবে ৷ মোবাইল ফোন আনিবলৈ গৈ মৃত্যুদূত ৰূপী কুঁৱাত পৰি মৃত্যু এজন লোকৰ (Man died after falling into well) ৷ এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত নিউ গুৱাহাটী গণেশ মন্দিৰ পথৰ ১নং উপ-পথত ৷ মৃত্যু হোৱা লোকজন নিউ গুৱাহাটী জনতা নগৰৰ বাসিন্দা বাপধন দাস (50) বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণী মতে, দেৱী হাজৰিকা নামৰ মহিলা গৰাকীৰ বাসগৃহৰ চৌহদত আছিল এটা শুকান কুঁৱা ৷ দুদিনমান পূৰ্বে অঞ্চলটোৰ বজৰংগী পাছোৱান নামৰ লোকজনৰ এটা মোবাইল ফোন ভুলবশতঃ জাৱৰ-জোঁথৰৰ লগত পেলাই দিছিল সেই শুকান কুঁৱাত । ইফালে বজৰংগী পাছোৱানৰ সৈতে দীৰ্ঘদিনীয়া চিনাকী আছিল বাপধন দাস নামৰ এজন শ্ৰমিকৰ ৷

কুঁৱাত পৰা মোবাইল উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু যুৱকৰ

আনহাতে, কুঁৱাত মোবাইল ফোন পৰাৰ খবৰ লাভ কৰে বাপধন দাসে ৷ এই কথা অৱগত হোৱাৰ পিছত আজি দিনৰ প্ৰায় ১১ বজাত মোবাইল ফোনটো কুঁৱাৰ পৰা উদ্ধাৰ কৰিবলৈ বাপধন দাস অকলে নামি গৈছিল কুঁৱাটোত । কিন্তু কুঁৱাটোত অকলে নমাই যেন কাল হ’ল বাপধন দাস বাবে ৷ কিয়নো কুঁৱাটোত নামিছিল ঠিকেই কিন্তু উঠিব হে নোৱাৰিলে কুঁৱাৰ পৰা ৷

পিছত শ্ৰমিকজনে কুঁৱাৰ ভিতৰত উশাহ-নিশাহ ল’বলৈ কষ্ট হোৱাত চিঞৰ-বাখৰ কৰে যদিও সেই সময়ত তেওঁক সহায় কৰিবলৈ ঘটনাস্থলীত উপস্থিত নাছিল কোনো লোক । কিছুসময়ৰ পিছত সেই স্থানত বজৰংগী পাছোৱান উপস্থিত হৈ কুঁৱাৰ পৰা লোকজনক উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে যদিও ইতিমধ্যে মৃত্যু হৈছিল বাপধন দাসৰ ।

স্বাভাৱিকতে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ইফালে পৰিস্থিতি বিষম দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বজৰংগী পাছোৱানে ৷ পিছত স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীক অৱগত কৰে । খবৰ পোৱাৰ কিছু সময়ৰ পিছতে আৰক্ষীৰলোক SDRF বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰু কুঁৱাটোৰ ভিতৰত পৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে (Dead Body Recovered From Well)। এই আনহাতে এই ঘটনাৰ পিছতে অঞ্চলটোত পৰে গভীৰ শোকৰ ছাঁ ।

লগতে পঢ়ক: খ্ৰীষ্টান ধৰ্মৰ পৰা ব্ৰহ্ম সমাজত দীক্ষিত হ'ল বৰমাৰ এটি পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.